জাপানত জৰুৰী অৱস্থা ঘোষণাৰ সিদ্ধান্ত প্ৰধানমন্ত্ৰী আবেৰ
নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ সমগ্ৰ বিশ্বজুৰি ক’ভিড-১৯ বা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে এই ভাইৰাছবিধৰ প্ৰতিৰোধৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে জাপানে । দেশজুৰি ক’ৰোনা ভাইৰাছৰ দ্ৰুত সংক্ৰমণ বিস্তাৰত প্ৰতিৰোধ লগাবলৈ জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেই জৰুৰী অৱস্থা ঘোষণা কৰাৰ সম্ভাৱনা আছে । য়োমিউৰি নামৰ সংবাদ পত্ৰখনে সোমবাৰে উল্লেখ কৰে এই কথা । স্মৰ্তব্য যে, ৰাজধানী টকিঅ’তেই ক’ৰোনা সংক্ৰমিত লোকৰ সংখ্যা সহস্ৰাধিক হৈছে । এছিয়াৰ দেশখনে মৰাত্মক ভাইৰাছবিধ প্ৰতিৰোধৰ ক্ষেত্ৰত কিছু সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল যদিও শেহতীয়াকৈ দেশখনত ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ লৈছে । ক’ৰোনাৰ এই দ্ৰুত সংক্ৰমণৰ লগে লগে ভাইৰাছবিধৰ প্ৰতিৰোধৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাহে বুলি বিভিন্ন সংগঠনে দাবী কৰি আহিছে । টকিঅ’ৰ গৱৰ্নৰ য়ুৰিককৈকেই যোৱা সপ্তাহতে ইংগিত দিছিল যে দেশখনত যিকোনো মুহূৰ্ততে প্ৰধানমন্ত্ৰীয়ে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে । স্মৰ্তব্য যে যোৱা মাহত ক’ৰোনাৰ সংক্ৰমণক প্ৰতিৰোধ লগোৱাৰ বাবে এক আইনৰ সংশোধন ঘটোৱা হৈছিল । এই আইনৰ সংশোধনী ঘটোৱাৰ সময়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে ক’ৰোনাই মাৰাত্মক ৰূপ ধাৰণ কৰিলে দেশখনত জৰুৰী অৱস্থা ঘোষণা কৰা হ’ব । উল্লেখ্য যে, দেশখনত এতিয়ালৈকে ৩,৬৫৪ জন লোক ৰোগাক্ৰান্ত হোৱাৰ বিপৰীতে ৮৫ জন লোকে মৃত্যুক সাবটি লৈছে ।