জাপানত ব্রাজিলৰ চাৰি নাগৰিকৰ দেহত নতুন ক’ভিড
নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ ক’ৰোনা ভাইৰাছৰ এবিধ নতুন প্রকৰণৰ দ্বাৰা সংক্রমিত ব্রাজিলৰ চাৰিগৰাকী ভ্রমণকাৰীক চিহ্ণিত কৰিছে জাপানৰ স্বাস্থ্য মন্ত্রালয়ে৷ ব্রাজিলৰ আমাজ’নাছ প্রদেশৰ পৰা টকি’ত আহি উপস্থিত হোৱা এই চাৰিওজন লোকৰ দেহত নতুন ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷ ব্রিটেইনৰ মিউটেট ক’ভিডৰ সৈতে ইয়াৰ কোনো সাদৃশ্য নাই বুলি উল্লেখ কৰিছে টকি’ প্রশাসনে৷ ভাইৰাছবিধক অতি সংক্রামক আখ্যা দিছে জাপানে৷