জাপান সাগৰত ভাৰত–চীনৰে ৰাছিয়াৰ সামৰিক অনুশীলন
নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ: আন্তর্জাতিক ক্ষেত্রত ক্রমান্বয়ে এঘৰীয়া হৈ পৰিছিল ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন৷ এনে পৰিস্থিতিত দুই বন্ধুৰ মাজত বিবাদ প্রশমিত কৰিবলৈ উদ্যোগী হৈ পৰিছে ৰাছিয়া৷ বিভিন্ন ক্ষেত্রত আমেৰিকাক প্রত্যাহ্বান জনাবলৈ ভাৰত আৰু চীনক একত্রিত কৰিবলৈ চেষ্টা চলাইছে মস্কো প্রশাসনে৷ কাইলৈৰ পৰা ৰাছিয়াৰ উদ্যোগত একেলগে সামৰিক অনুশীলনত অংশগ্রহণ কৰিবলৈ আগবাঢ়িছে বিবদমান দুয়োখন প্রতিবেশী দেশ৷ এসপ্তাহ ধৰি চলিব এই সামৰিক অনুশীলন৷ সেনাৰ তিনিওটা বিভাগেই অনুশীলন চলাব বুলি জানিব পৰা গৈছে৷ অৱশ্যে ভাৰতৰ পৰা কোনো যুদ্ধ বিমান বা ৰণতৰী প্রেৰণ কৰা নহ’ব৷ স্থলসেনাৰ তৰফৰ পৰা গোর্খা ৰেজিমেণ্টক প্রেৰণ কৰা হৈছে এই অনুশীলনলৈ৷ ভাৰতৰ পৰা তিনিওটা বাহিনীৰ ৭৫ সৈনিকৰ এটা দল ৰাছিয়াত উপস্থিত হৈছে৷ ১ ছেপ্টেম্বৰৰ পৰা জাপানৰ সাগৰত চলিব লগা এই তিনি দেশীয় সামৰিক অনুশীলনৰ ৭ ছেপ্টেম্বৰত অন্ত পৰিব৷ স্মর্তব্য যে সাম্প্রতিক পৰিস্থিতিত চীন, ভাৰত আৰু ৰাছিয়াৰ এই সামৰিক অনুশীলনক লৈ আন্তর্জাতিক সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ ইফালে, ভাৰতক এই যৌথ সামৰিক অনুশীলনৰ বাবে ৰাছিয়াই কেনেদৰে সৈমান কৰিলে, তাক লৈও বিভিন্ন মহলত সৃষ্টি হৈছে কৌতূহল৷