জার্মানীৰ দুখনকৈ বাৰত বন্দুকধাৰীৰ গুলীত ৯জনৰ প্রাণহানি
নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ জার্মানীৰ হানাউ চহৰৰ দুখনকৈ শ্বিছা বাৰত কালি নিশা বন্দুকধাৰীৰ নির্বিচাৰ গুলীচালনাত ৯ জন লোক নিহত হোৱাৰ উপৰি আন ৬ জন গুৰুতৰভাৱে আহত হয়৷ ট’বিয়াছ আৰ নামৰ এজন লোকে বাৰ দুখনত প্রৱেশ কৰি জধে–মধে গুলীচালনা কৰে৷ উল্লেখনীয় যে আৰক্ষীয়ে এই ৯জন লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ উপৰি ঘটনাস্থলীৰ কাষৰ এটা বাসগৃহত আন এটা মৃতদেহ উদ্ধাৰ কৰিছে৷ এই মৃতদেহটো বন্দুকধাৰী দুর্বৃত্তৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ জার্মান সংবাদ–পত্র ‘বিল্ড’য়ে প্রকাশ কৰা অনুসৰি ট’বিয়াছ আৰ নামৰ বন্দুকধাৰীটোৰ এই আক্রমণ সংঘটিত কৰাৰ সময়ত ঘটনাস্থলীত এখন পত্র আৰু ভিডি’ ফুটেজ এৰি গৈছে৷ এই ভিডি’ত ট’বিয়াছে বাৰ দুখনত সংঘটিত কৰা আক্রমণৰ দায়িত্ব স্বীকাৰ কৰিছে৷ স্মর্তব্য যে কট্টৰ সোঁপন্থী দৃষ্টিভংগীৰ ট’বিয়াছে বিদেশী লোকসকলক বাৰ দুখনত আক্রমণৰ লক্ষ্য হিচাপে বাছি লৈছিল৷ স্থানীয় প্রতিবেদন অনুসৰি নিহত লোকসকলৰ ভিতৰত আছে কেইবাজনো তুর্কী আৰু কুর্দিছ লোক৷ এই ঘটনাৰ পাছতে সমগ্র ইউৰোপত সৃষ্টি হৈছে চাঞ্চল্য৷