ড’নাল্ড ট্রাম্পৰ পুনৰ নির্বাচনত সহায় কৰিব মস্কো প্রশাসনে
নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক পুনৰ হোৱাইট হাউছৰ শীর্ষ পদবীলৈ নির্বাচিত কৰাৰ বাবে হস্তক্ষেপ কৰিব পাৰে ৰাছিয়াই৷ আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহে এই সতর্কবাণী কৰিছে৷ আগন্তুক নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্রপতি নির্বাচনত ড’নাল্ড ট্রাম্পক পুনৰ নির্বাচিত কৰিবলৈ হস্তক্ষেপ কৰিব পাৰে বুলি চোৰাংচোৱাই সতর্কবাণী কৰাৰ লগে লগে দেশখনৰ সংবাদ মাধ্যমত বিষয়টোক লৈ চলিছে সৰৱ চর্চা৷ উল্লেখনীয় যে হোৱাইট হাউছৰ চোৰাংচোৱা কমিটীয়ে যোৱা ১৩ ফেব্রুৱাৰীত এক ৰুদ্ধদ্বাৰ বৈঠকত এই বিষয়টোক লৈ আলোচনা কৰিছে৷ শেহতীয়াকৈ দেশখনৰ সংবাদ মাধ্যমে চোৰাংচোৱা কমিটীৰ সতর্কবাণীৰ বিষয়টোক গুৰুত্ব প্রদান কৰি প্রতিবেদন প্রকাশ কৰাৰ লগে লগে আমেৰিকাজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ স্মর্তব্য যে বিগত ৰাষ্ট্রপতি নির্বাচনত ৰাছিয়াই হস্তক্ষেপ কৰাৰ অভিযোগ উঠিছিল৷ আনকি ড’নাল্ড ট্রাম্পক ৰাষ্ট্রপতি নির্বাচনত ৰাছিয়াই সহায় কৰা বুলি চোৰাংচোৱা সংস্থাই তথ্য লাভ কৰাৰ পিছতে ৰুছ কূটনীতিকসকলক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰা হৈছিল৷ অৱশ্যে ট্রাম্পে এই অভিযোগ অস্বীকাৰ কৰি আহিছে৷ শেহতীয়াকৈ ড’নাল্ড ট্রাম্পে চোৰাংচোৱাৰ এই সতর্কবাণীৰ সময়তে মন্তব্য কৰিছে যে ৰাষ্ট্রপতি নির্বাচনত ডেমক্রেট নেতাসকলে তেওঁৰ বিৰুদ্ধে অপপ্রচাৰ আৰম্ভ কৰিছে৷