ডাউদৰ সন্ধান দিয়া লোকে পাব ২৫ লাখ টকা
নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ: আজিও ভাৰত চৰকাৰে গ্রেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল ডাউদ ইব্রাহীমক৷ অকল সেয়াই নহয়, ডাউদৰ সহযোগী ছোটা চাকিল, টাইগাৰ মেমন, জাভেদ ছিকনাৰ দৰে কুখ্যাত অপৰাধীবোৰৰ সন্ধান পোৱা নাই ভাৰতৰ নিৰাপত্তা সংস্থাসমূহে৷ কিন্তু চোৰাংচোৱাৰ হাতত তথ্য আছে যে ডাউদে সন্ত্রাসবাদী সংগঠনৰ শ্লীপাৰ চেলৰ জৰিয়তে যিকোনো ভয়াৱহ কূটাঘাত সংঘটিত কৰিব পাৰে৷ গতিকে ডাউদ আৰু কুখ্যাত মাফিয়াটোৰ সহযোগীবোৰৰ সন্ধান দিব পৰা লোকলৈ বৃহৎ অংকৰ পুৰস্কাৰ ঘোষণা কৰিছে ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই৷ ডাউদৰ ক্ষেত্রত ২৫ লাখ, টাইগাৰ মেমনৰ ক্ষেত্রত ২০ লাখ, ছোটা চাকিলৰ ক্ষেত্রত ২০ লাখৰ পুৰস্কাৰ ঘোষণা কৰিছে নিয়াই৷