তালিবানক সকীয়নি জ’ বাইডেনৰঃ আমেৰিকা যুক্তৰাষ্ট্রৰ সেনাক আক্রমণ নকৰিব
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: আফগানিস্তানৰ পৰা সেনা প্রত্যাহাৰৰ সিদ্ধান্ত পুনৰবাৰ সঠিক বুলি দাবী কৰি আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনে দেশখনক লৈ নিজৰ স্থিতি স্পষ্ট কৰিলে৷ যুদ্ধবিধ্বস্ত আফগানিস্তানক লৈ আমেৰিকাই বিশেষ প্রাধান্য নিদিয়ে বুলি উল্লেখ কৰি ৰাষ্ট্রপতিগৰাকীয়ে কাবুল বিমানবন্দৰত বাহৰ পাতি থকা আমেৰিকাৰ সেনাৰ ওপৰত আক্রমণ কিম্বা আফগান নাগৰিকক বহিঃদেশলৈ পঠিওৱা কার্যত বাধা নিদিবলৈ তালিবানক সকীয়নি দিছে৷ আমেৰিকাৰ সেনা তথা কার্যকলাপক বাধা দিলে তালিবানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰা হ’ব বুলি সকীয়নি দিয়ে ৰাষ্ট্রপতিগৰাকীয়ে৷