তালিবানৰ অন্তিম সময়সীমা মানি আফগানিস্তানৰ পৰা উভতিল মার্কিন সেনা
নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ ৱাশ্বিংটন ডিচিৰ সময়মতে বিয়লি ৩.২৯ বাজিছে৷ তালিবানে আফগানিস্তান দখল কৰাৰ পিছত সেনা প্রত্যাহাৰৰ অন্তিমখন বিমান দুগৰাকী বিষয়াক লৈ কাবুল বিমানবন্দৰৰ পৰা উৰা মাৰে৷ ইয়াৰ লগে লগেই আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্রৰ ইতিহাসৰ দীর্ঘতম ৰক্তাক্ত যুদ্ধৰ অৱসান ঘটিল৷ ২০ বছৰ ধৰি আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্রই চলোৱা যুদ্ধত ২,৪৬১জন সেনাই প্রাণ হেৰুওৱাৰ লগতে ব্যয় কৰিলে ২.৩ লাখ কোটি মার্কিন ডলাৰ৷ প্রায় দুই লক্ষাধিক লোকে প্রাণ হেৰুওৱা এই যুঁজখন কালি নিশা আনুষ্ঠানিকভাৱে সামৰণি পেলাই মার্কিন সেনা স্বদেশলৈ উভতি যোৱাৰ লগে লগে আফগানিস্তানত পুনৰ আৰম্ভ হ’ল তালিবানী শাসন৷ তালিবানে বান্ধি দিয়া অন্তিম সময়সীমা ৩১ আগষ্ট আৰম্ভৰ পূর্বেই যোৱানিশা আমেৰিকাই কাবুল বিমানবন্দৰৰ পৰা অন্তিমটো দল স্বদেশলৈ উভতে৷ কাবুলৰ পৰা সুদাহাতে উভতিল মার্কিন সেনা৷
উল্লেখ্য যে ২০০১ চনৰ ১৮ ছেপ্ঢেম্বৰত আমেৰিকাৰ কংগ্রেছে আফগানিস্তানত আমেৰিকাত আক্রমণ চলোৱা সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ অনুমতি দিয়াৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্র আৰু নাটো বাহিনীয়ে আফগানিস্তানত শাসকীয় তালিবানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে৷ তালিবানক শাসনৰ পৰা উৎখাত কৰি আমেৰিকা যুক্তৰাষ্ট্রই দেশখনত শান্তি প্রতিষ্ঠাৰ লগতে সন্ত্রাসবাদী গোট উৎখাতৰ লক্ষ্য লয়৷ বিগত ২০ বছৰ ধৰি আফগানিস্তান আৰু পাকিস্তানত সন্ত্রাসবাদী সংগঠনৰ বিৰুদ্ধে অভিযান চলাই আমেৰিকাই নিজৰ সেনাৰ বিস্তৰ ক্ষতি ভৰিবলগীয়া হোৱাৰ লগতে বিপুল পৰিমাণৰ ধনৰাশিও ব্যয় কৰে৷ কার্যতঃ দেশখনৰ এই ২০ বছৰত দুই লক্ষাধিক লোকে প্রাণ হেৰুৱায়৷ ইয়াৰে ভিতৰত মার্কিন সেনা, মার্কিন সামৰিক ঠিকাদাৰ, আফগান মিলিটাৰী আৰু আৰক্ষীৰ লগতে সাধাৰণ জনতাও আছে৷ মার্কিন সেনাৰ অভিযানত ২,০০০তকৈ অধিক ইছলামিক ষ্টেটৰ দুর্ধর্ষ সদস্য নিহত হৈছে৷ ২০ বছৰ ধৰি আফগানিস্তানত থকা আমেৰিকা যুক্তৰাষ্ট্রই সন্ত্রাসবাদী সংগঠন তালিবানৰ সৈতে কাটাৰৰ ডোহাত শান্তি আলোচনাত মিলিত হৈ দেশখন এৰাৰ প্রতিশ্রুতি দিয়ে৷ সেই প্রতিশ্রুতিমর্মে আমেৰিকাই ৩১ আগষ্টৰ পূর্বে আফগানিস্তান এৰাৰ প্রক্রিয়া আৰম্ভ কৰাৰ সময়তে তালিবানে নির্ধাৰিত সময়সীমাৰ দুসপ্তাহ পূর্বেই আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰে৷
অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্রৰ হাতত কাবুলস্থিত হামিদ কাৰজাই আন্তর্জাতিক বিমানবন্দৰ নিজৰ দখলত ৰাখে৷ এই বিমানবন্দৰৰ পৰাই তালিবানৰ শংকাত দেশ এৰা আফগান নাগৰিক আৰু নাটো বাহিনীৰ সদস্য ৰাষ্ট্রৰ সেনা স্বদেশলৈ উভতে৷ ঠিক তেনেদৰ বিশ্বৰ আন দেশৰ নাগৰিকো এই বিমানবন্দৰৰ পৰাই স্বদেশলৈ উভতে৷ আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে কাবুল বিমানবন্দৰত নিজৰ দখলৰ সময়সীমা বৃদ্ধি পাব পাৰে বুলি ঘোষণা কৰে যদিও তালিবানে ৩১ আগষ্টৰ অন্তিম সময়সীমা মানিবলৈ সকীয়নি দিয়ে৷ তালিবানৰ সময়সীমা নামানিলে আমেৰিকাই ভয়াৱহ পৰিণাম ভুগিব লাগিব বুলি সকীয়নি দিয়ে৷ ইয়াৰ মাজতেই কাবুল বিমানবন্দৰত আইছিছে ভয়াৱহ আক্রমণ চলোৱাত ১৩ মার্কিন সেনাসহ ১৭০জনৰ প্রাণহানি হয়৷ ২০ বছৰ ধৰি আফগানিস্তানত থকা মার্কিন সেনাই প্রত্যাহাৰ প্রক্রিয়া সামৰণিৰ পূর্বে ২০ জোৱানৰ মৃতদেহ লৈ স্বদেশলৈ উভতিবলগীয়া হয়৷
৩০ আগষ্টত আমেৰিকা যুক্তৰাষ্ট্রৰ ৱাশ্বিংটন ডিচিৰ সময়মতে ৩.২৯ বজাত আমেৰিকাৰ অন্তিমখন সামৰিক বিমান বিমানবন্দৰৰ পৰা উৰণ আৰম্ভ কৰে৷ এই অন্তিম বিমানত আমেৰিকা যুক্তৰাষ্ট্রৰ মেজৰ জেনেৰেল খ্রীষ্ট’ফাৰ ডনাহুৱে আৰু ৮২সংখ্যক এয়াৰব’ন ডিভিজনৰ কমাণ্ডাৰ তথা আফগানিস্তানত আমেৰিকাৰ তত্ত্বাৱধায়ক ৰাষ্ট্রদূত ৰ’জ উইলছনে কাবুলৰ পৰা স্বদেশলৈ উৰা মাৰে৷ অর্থাৎ কাবুল বিমানবন্দৰৰ পৰা দুগৰাকী সেনা বিষয়াই বিমানেৰে দেশ এৰি আমেৰিকাৰ সেনা প্রত্যাহাৰ প্রক্রিয়া সামৰণি মাৰে৷ ইয়াৰ লগে লগে আফগানিস্তানত আমেৰিকাৰ ২০ বছৰীয়া যুদ্ধৰ অৱসান ঘটে৷
উল্লেখ্য যে অন্তিম বিমান কাবুল এৰাৰ পূর্বে মার্কিন সেনাই ২৭ হামবিজ, ৭৩খন বিমান, সামৰিক বাহন আৰু বিভিন্ন সঁজুলি বিকল কৰি থৈ যায়৷ আফগানিস্তানত এৰি থৈ যায় মার্কিন সেনাৰ সফলতা আৰু বিফলতাৰ কাহিনী৷ আফগানক দুর্দশাত পেলাই মধ্য এছিয়াৰ দেশসমূহত আন এক অস্থিৰতাৰ সৃষ্টি কৰি আমেৰিকা যুক্তৰাষ্ট্রই অন্তিম সময়ত ১৩ সেনাৰ শোকাকুল বার্তা লৈ দেশলৈ উভতে৷ গুৰুত্বপূর্ণ যে ২০০১ চনৰ ৯/১১ৰ ভয়াৱহ আক্রমণৰ সময়তে জন্ম পোৱা প্রায় ২০ বছৰীয়া ১৩ মার্কিন সেনাৰ মৃতদেহ আফগানিস্তানৰ পৰা সেনা প্রত্যাহাৰৰ অন্তিম সময়সীমাৰ ২৪ ঘণ্টা পূর্বে দেশত উপস্থিত হয়৷ মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে আফগানিস্তানত আইছিছৰ আক্রমণত প্রাণ হেৰুওৱা সেনা জোৱানক শ্রদ্ধাঞ্জলি জনাবলৈ বিমানবন্দৰত উপস্থিত থাকে৷ উল্লেখ্য যে আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্রৰ ২০ বছৰীয়া যুদ্ধৰ চতুর্থজন সেনাৰ মুৰব্বী জ’ বাইডেন৷