থাইলেণ্ডৰ শীর্ষ আদালতৰ ৰায়ত ক্ষমতাচ্যুত হ’ল প্রধানমন্ত্রী প্রয়ুথ চান–ওকা
নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ সংবিধান নির্দেশিত কার্যকালৰ ম্যাদ উকলি যোৱাৰ পিছতো ক্ষমতাৰ গাদী এৰা নাই৷ অৱশেষত থাইলেণ্ডৰ শীর্ষ আদালতে দেশখনৰ প্রধানমন্ত্রী প্রয়ুথ চান–ওকাক শীঘ্রে ক্ষমতা ত্যাগ কৰাৰ ৰায় শুনাইছে৷ শীর্ষ আদালতৰ ৰায়ৰ পিছতে প্রধানমন্ত্রীগৰাকী বর্তমান ক্ষমতাত অযোগ্য হিচাপে চিহ্ণিত হৈছে৷ থাইলেণ্ডৰ প্রাক্তন সামৰিক মুৰব্বী প্রয়ুথে ২০১৪ চনত এক অভ্যুত্থানৰ জৰিয়তে দেশৰ ক্ষমতা দখল কৰিছিল৷ তাৰ পিছত ২০১৯ত সাধাৰণ নির্বাচনত জয়লাভ কৰি পুনৰ ক্ষমতালৈ আহে প্রয়ুথ৷ কিন্তু বিৰোধী দলসমূহে এই নির্বাচন স্বচ্ছ নাছিল বুলি অভিযোগ আনে৷ থাইলেণ্ডৰ সংবিধান অনুসৰি দেশৰ প্রধানমন্ত্রী সর্বোচ্চ আঠ বছৰ ধৰি ক্ষমতাত থাকিব পাৰে৷ ২০১৪ চনৰ পৰা ধৰিলে চলিত বর্ষৰ আৰম্ভণিতেই কার্যকালৰ সময়সীমা উকলি গৈছে প্রয়ুথৰ৷ কিন্তু সময়সীমা উকলি যোৱাৰ পিছতো নেতাগৰাকী ক্ষমতাত অধিষ্ঠিত হৈ আছিল৷ ইয়াৰ বাবে শীর্ষ আদালতে বিষয়টোত ৰায়দান কৰিবলগীয়া হয়৷