নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থুনবার্গৰ বিৰুদ্ধে আমেৰিকাই সাজু কৰিছে নাওমিক

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ জলবায়ু পৰিৱর্তন সন্দর্ভত বিশ্বজুৰি সজাগতা সৃষ্টি কৰা ছুইডেনৰ সপ্তদশী ছাত্রী গ্রেটা থুনবার্গৰ আন্দোলনক প্রত্যাহ্বান জনাবলৈ জলবায়ু পৰিৱর্তনৰ বিষয়টোক অস্বীকাৰ কৰি অহা বিভিন্ন সংগঠনে সাজু কৰিছে জার্মানীৰ ১৯ বছৰীয়া নাওমি ছিব্ট নামৰ তৰুণীগৰাকীক৷ ইউটিউবত জনপ্রিয় নাওমিয়ে ইতিমধ্যে জলবায়ুৰ সত্যতা বা ক্লাইমেট ৰিয়’লিজম সন্দর্ভত মুকলি কৰিছে বিভিন্ন বার্তা৷ হার্টলেণ্ড ইন্ষ্টিটিউটৰ চেণ্টাৰ অন ক্লাইমেট এণ্ড এনভায়ৰনমেণ্ট প’লিচীৰ সৈতে জড়িত হৈ পৰিছে তৰুণীগৰাকী৷ হার্টলেণ্ড ইন্ষ্টিটিউটৰ এই সংস্থাটো হৈছে আমেৰিকাত জলবায়ু পৰিৱর্তনক অস্বীকাৰ কৰা কুখ্যাত সংস্থাসমূহৰ অন্যতম৷ লক্ষণীয়ভাৱে ৱাশ্বিংটন ডিচিত চিপিএচি অভিৱর্তনত নাওমিয়ে ভাষণ দিব৷ ইয়াতেই ছুইডেনৰ তৰুণী থুনবার্গে জলবায়ু পৰিৱর্তনৰ বিষয়ত প্রকাশ কৰা বিভিন্ন উদ্বেগজনক তথ্যক প্রত্যাহ্বান জনাব নাওমিয়ে৷ লক্ষণীয়ভাৱে ৱাশ্বিংটন ডিচিত চলিত সপ্তাহতে ৰিপাব্লিকান দলৰ কনজার্ভেটিভ প’লিটিকেল এক্সন কনফাৰেন্স বা চিপিএচিৰ অভিৱর্তনত নাওমিয়ে ভাষণ দিয়াৰ আমন্ত্রণ পোৱাৰ লগে লগে জলবায়ু আন্দোলনৰ বিৰুদ্ধে আমেৰিকাই সাংগঠনিক ভেটি বিস্তাৰৰ প্রচেষ্টা চলোৱাটো নিশ্চিত হৈ পৰিছে৷

You might also like