নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ কোৰিয়াৰ নির্বাচনত ৰাষ্ট্রপতি মুনৰ শাসকীয় দলৰ বিজয়

নিয়মীয়া বাৰ্তা, ১৭ এপ্রিলঃ ক’ৰোনা ভাইৰাছ মহামাৰীৰ আতংকৰ মাজতে বুধবাৰে সংসদীয় নির্বাচন অনুষ্ঠিত হোৱা দক্ষিণ কোৰিয়াত শাসকীয় দলে বৃহৎ বিজয় সাব্যস্ত কৰিছে ৷ মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণৰ প্রতিৰোধ লগাবলৈ ৰাষ্ট্রপতি মুন জী–ইনে গ্রহণ কৰা নীতিক সমর্থন জনাইছে গৰিষ্ঠসংখ্যক ভোটাৰে৷ ৩০০ আসন বিশিষ্ট দেশখনৰ সংসদৰ প্রায় সম্পূর্ণ ভোট গণনা হোৱাৰ মুহূর্তলৈ ৰাষ্ট্রপতি মুনৰ ডেম’ক্রেটিক পার্টীয়ে লাভ কৰিছে ১৬৩খন আসন৷ উল্লেখনীয় যে শাসকীয় দলটোৰ সহযোগী প্লেটফর্ম পার্টীয়ে ১৭খন আসনত জয়লাভ কৰিছে৷ ইয়াৰ জৰিয়তে শাসকীয় মর্চাই ১৮০খন আসনেৰে সংসদত বৃহৎ শক্তি হিচাপে প্রমাণ দিবলৈ সক্ষম হৈছে৷ লক্ষণীয়ভাৱে বিৰোধী ইউনাইটেড ফিউচাৰ পার্টীৰ তৰফৰ পৰা উত্তৰ কোৰিয়াৰ নেতা থি য়ং–হোৱে বিজয় সাব্যস্ত কৰিছে৷ উত্তৰ কোৰিয়াৰ লণ্ডনস্থিত দূতাবাসৰ প্রাক্তন কূটনীতিকগৰাকীয়ে দেশখনৰ শাসক কিম জং–উনৰ ওপৰত আস্থা হেৰুৱাই প্রতিৱেশী দক্ষিণ কোৰিয়াত আশ্রয় লৈছিল৷ লক্ষণীয়ভাৱে ছিউলৰ গাংনাম জিলাৰ পৰা বিজয় সাব্যস্ত কৰিছে উত্তৰ কোৰিয়াৰ প্রাক্তন নেতাগৰাকীয়ে৷ যদিও এই নির্বাচনত ৩৫টা দলে প্রার্থী প্রক্ষেপ কৰিছিল মূল প্রতিদ্বন্দ্বিতা শাসকীয় ডেম’ক্রেটিক পার্টী আৰু বিৰোধী ইউনাইটেড ফিউচাৰ পার্টীৰ মাজতে সীমাবদ্ধ থাকে ৷

You might also like