দিল্লীত হিংসাঃ ইউৰোপৰ ১৮ চহৰত প্রতিবাদ
নিয়মীয়া বাৰ্তা, ৩ মার্চঃ ভাৰতৰ ৰাজধানী নতুন দিল্লীত নাগৰিকত্ব সংশোধনী আইনক লৈ হোৱা হিংসাক গৰিহণা দি ইউৰোপৰ ১৮খন চহৰত ভাৰতীয় সম্প্রদায়ৰ লোকে প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ লণ্ডন, পেৰিছৰ লগতে ব্রাছেলছ, জেনেভা, হেলচিংকি, ক্রাকো, দ্য হগ, ষ্টকহোম, ডাবলিন, পেৰিছ, ব্রালিন, মুনিছ, গ্লাছ গো চহৰত ভাৰতীয় নাগৰিকসকলে প্রতিবাদ সাব্যস্ত কৰে ৷ দিল্লীৰ ঘটনাত প্রাণ হেৰুওৱা আৰু আহতসকলৰ প্রতি সহমর্মিতা প্রকাশ কৰি এই প্রতিবাদী কার্যসূচী গ্রহণ কৰা ভাৰতীয় সম্প্রদায়ৰ লোকসকলে দিল্লীৰ ঘটনাত জড়িতসকলক কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়৷ উল্লেখ্য যে চহৰকেইখনত থকা ভাৰতীয় ৰাষ্ট্রদূতৰ কার্যালয়লৈ প্রতিবাদী সমদল উলিয়াই ঘটনাত জড়িতক শীঘ্রে চিনাক্ত কৰি শাস্তি বিহিবলৈ দাবী জনায়৷ আনকি প্রতিবাদকাৰীসকলে ৰাষ্ট্রদূতৰ কার্যালয়ৰ সন্মুখত ফুলৰ থোপাৰে হিংসাত্মক ঘটনাত প্রাণ হেৰুওৱাসকলক প্রতীকী শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ মন কৰিবলগীয়া যে বেয়া বতৰৰ মাজতো বেলজিয়ামত প্রতিবাদী কার্যসূচী গ্রহণ কৰে ৷