নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউয়র্ক টাইমছৰ সম্পাদক বাৰি উইছৰ পদত্যাগ

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ মার্কিন সংবাদ মাধ্যমতো মুক্ত চিন্তাৰ ওপৰত আহি পৰিছে আঘাত৷ শেহতীয়াকৈ নিউয়র্ক টাইমছৰ অ’পিনিয়ন এডিটৰ বাৰি উইছে তেওঁৰ কামৰ প্রতি আহি পৰা প্রত্যাহ্বানৰ বাবে পদত্যাগ কৰিছে৷ সম্পাদকগৰাকীৰ চিন্তাৰ সৈতে মতানৈক্য থকাৰ বাবে এক কাম কৰিব নোৱাৰা অভব্য পৰিৱেশৰ সৃষ্টি কৰা হৈছিল৷ এনে পৰিস্থিতিত মানসিকভাৱে ভাগি পৰা বাৰি উইছে পদত্যাগ কৰা বুলি ঘোষণা কৰিছে৷

নিউয়র্ক টাইমছৰ দৰে সংবাদপত্র এখনত মুক্ত চিন্তাৰ বিৰুদ্ধে আৰম্ভ হৈছে আক্রমণ৷ এই বিষয়টোৱে বিশ্বৰ সংবাদ মাধ্যমত চর্চা লাভ কৰিছে৷ উল্লেখনীয় যে লেখক, সাংবাদিকসকলৰ মতাদর্শক লৈ নিউয়র্ক টাইমছত কেতিয়াও মতানৈক্য সৃষ্টি হোৱা নাছিল৷ কোনো আদর্শৰ লোকে নিজৰ মত প্রকাশৰ ক্ষেত্রত বাধাৰ সন্মুখীন হোৱা নাছিল সংবাদপত্রখনত৷ কিন্তু সাংবাদিক বাৰি উইছে নিউয়র্ক টাইমছৰ অভ্যন্তৰত বর্তমান সেই পৰিৱেশ নাই বুলি মন্তব্য কৰিছে৷ সাংবাদিকগৰাকীৰ পদত্যাগৰ পাছতেই দেশখনত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷

ইফালে, হংকঙত থকা কাকতখনৰ কেইবাগৰাকীও কর্মীক ছিউললৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে কর্তৃপক্ষই৷ হংকঙত শেহতীয়াকৈ বেইজিঙৰ বিতর্কিত নিৰাপত্তা আইনে সাংবাদিকৰ স্বাধীনতাত আঘাত হানিব বুলি আশংকা কৰা হৈছে৷

You might also like