পর্তুগালত উদ্ধাৰ বিশ্বৰ আটাইতকৈ বিশাল মাছ; মৃত অৱস্থাত পোৱা গ’ল ২,৭৪৪ কেজিৰ ছান ফিছ
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ: যেন সামুদ্রিক এক ভয়াৱহ দৈত্য৷ দেখিলেই বুকু কঁপি উঠিব৷ আচলতে এয়া এটা মাছহে৷ বিশ্বৰ আটাইতকৈ বেছি ওজনৰ মাছটো পোৱা গৈছে পর্তুগালত৷ দেশখনৰ আজোৰেছ দ্বীপপুঞ্জত উদ্ধাৰ কৰা হৈছে এই বিশালকায় মাছটো৷ মাছটোৰ ওজন প্রায় ৩ টন৷ এই ‘বনি ফিছ’টো মৃত অৱস্থাত উদ্ধাৰ হৈছে৷ গৱেষকসকলে উল্লেখ কৰা অনুসৰি যোৱা বছৰ ডিচেম্বৰ মাহত আজোৰেছত উদ্ধাৰ হয় মাছটো৷ যোৱা বছৰ উদ্ধাৰ হ’লেও শেহতীয়াকৈ এই সন্দর্ভত সবিশেষ তথ্য প্রকাশ পাইছে ‘দ্য জার্নাল অৱ ফিছ বায়’লজি’ত৷ ইয়াৰ পাছতে মাছটো সন্দর্ভত ন ন তথ্য প্রকাশ পাবলৈ ধৰিছে৷ ছান ফিছ প্রজাতিৰ এই মাছটোৰ ওজন ২,৭৪৪ কিলোগ্রাম৷ ইয়াৰ পূর্বে ১৯৯৬ চনত জাপানত উদ্ধাৰ হৈছিল ২,৩০০ কিলোগ্রামৰ এটা ছান ফিছ৷