নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পর্যটকৰ আকর্ষণৰ বাবে কুখ্যাত পতিতা অঞ্চলৰ আধুনিকীকৰণ

নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ: নেদাৰলেণ্ডছৰ ৰাজধানী আমষ্টাৰডামৰ বিখ্যাত পতিতাৰ অঞ্চল ‘দে ৱালেন’৷ ৰেড লাইট ডিষ্ট্রিক হিচাপেও পৰিচিত দে ৱালেন৷ নেদাৰলেণ্ডত পর্যটকসকলৰো অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু এই অঞ্চলটো৷ যৌনবৃত্তিক পেছা হিচাপে গ্রহণ কৰা নাৰীসকলে এই অঞ্চলটোত বাস কৰি আহিছে৷ গতিকে অঞ্চলটোৰ সৈতে জড়িত হৈ আছে উত্তৰ–পশ্চিম ইউৰোপৰ ইতিহাস তথা ঐতিহ্য৷ কিন্তু দে ৱালেন আৰু দীর্ঘদিনলৈ থকাৰ সম্ভাৱনা কমি আহিছে৷ এই অঞ্চলটোৰ পতিতালয়বোৰ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে আমষ্টাৰডাম প্রশাসনে৷ যৌনকর্মীসকলক অন্য স্থানত সংস্থাপিত কৰাৰো চিন্তা–চর্চা চলোৱা হৈছে৷ দে ৱালেন উৎখাত কৰি তাত নির্মাণ কৰা হ’ব এক বহু মহলীয়া প্রাসাদ৷ এই প্রাসাদেই হ’ব যৌনবৃত্তিত জড়িত মহিলাসকলৰ স্থান৷ এই সিদ্ধান্ত অনুসৰি, বহু মহলীয়া প্রাসাদটোত থাকিব ১০০টা আৱাস৷ পর্যটকসকলক অধিক আকর্ষিত কৰাৰ বাবে দে ৱালেনক এই আধুনিক ৰূপ দিয়াৰ চিন্তা–চর্চা চলোৱা হৈছে৷

You might also like