পাকতো তবলিগী জামাত কর্মীয়ে সংক্রমণ ঘটাইছে ক’ৰোনাৰ
নিয়মীয়া বাৰ্তা, ১৭ এপ্রিলঃ ভাৰতৰ দৰে পাকিস্তানতো তবলিগী জামাতৰ কর্মীয়ে ক’ৰোনাৰ দ্রুত সংক্রমণ ঘটাইছে ৷ দেশখনৰ পঞ্জাৱ প্রদেশৰ বিভিন্ন জিলাত বুধবাৰে কমপক্ষেও ৯গৰাকী তবলিগী জামাতী মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা বুলি স্বাস্থ্য বিভাগে ঘোষণা কৰিছে ৷ সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি দেশখনত এতিয়ালৈকে ৬,৫০৬গৰাকী লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে ৷ স্মর্তব্য যে দুসপ্তাহ পূর্বে ১৯৮গৰাকী তবলিগী জামাতীক কোৱাৰেণ্টাইনত ৰখা হৈছিল ৷ ইয়াৰে ৯গৰাকী ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে ৷ স্মর্তব্য যে মাৰাত্মক ভাইৰাছবিধৰ দ্রুত বিস্তাৰক লৈ পাক চৰকাৰ উদ্বিগ্ন যদিও দেশখনৰ মছজিদসমূহত এতিয়াও অব্যাহত আছে সমূহীয়া নামাজ ৷