পাকিস্তানত অব্যাহত আছে ধর্মীয় সংখ্যালঘুৰ ওপৰত নির্যাতন
ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ মুৰব্বীৰ মন্তব্য
নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ পাকিস্তানত ধর্মীয় সংখ্যালঘুৰ ওপৰত হিংসা, নির্যাতন অব্যাহত আছে ৷ ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ মুৰব্বী মাইকেল বেছলেটে জেনেভাত আয়োজিত ৪৩সংখ্যক মানৱ অধিকাৰ আয়োগৰ বৈঠকত পাকিস্তানত ধর্মীয় সংখ্যালঘুৰ ওপৰত নির্যাতন চলি থকা বুলি প্রকাশ কৰিছে ৷ মুৰব্বীগৰাকীয়ে প্রকাশ কৰা মতে চৰকাৰৰ ধর্মীয় নীতিৰ ব্যৱস্থাত সংশোধন নঘটোৱাৰ বাবেই দেশখনত ধর্মীয় সংখ্যালঘুৰ মঠ–মন্দিৰ, পূজা–র্চনা কৰা স্থানত আক্রমণ, হিংসা অব্যাহত আছে৷ আনকি ধর্মীয় সংখ্যালঘুসকলক শাৰীৰিক, মানসিক নির্যাতন কৰাৰো অনেক তথ্য আছে৷ ধর্ম নিন্দা কৰাৰ কাৰণে যোৱা ডিচেম্বৰ মাহত মৃত্যুদণ্ড বিহা পাকিস্তানৰ বিশ্ববিদ্যালয়ৰ জুনেইড হাফিজ নামৰ অধ্যাপক এগৰাকীৰ প্রসংগ উত্থাপন কৰি মানৱ অধিকাৰ মুৰব্বীগৰাকীয়ে বৈঠকত পাকিস্তানত চলি থকা ধর্মীয় নির্যাতনৰ প্রমাণ দাঙি ধৰে৷ আন্তর্জাতিক মানৱ অধিকাৰ সংস্থাই পাকিস্তানক ধর্ম নিন্দাৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰিব দিয়াৰ পিছতো চৰকাৰখনে কিয় এইক্ষেত্রত ব্যৱস্থা লোৱা নাই তাৰ ওপৰতো প্রশ্ন উত্থাপন কৰে মুৰব্বীগৰাকীয়ে ৷