নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ ঋণ ৫০ ত্রিলিয়নঃ সংকটত ইমৰান খান

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ পাকিস্তানৰ অর্থনীতি অতি বিধ্বস্ত হৈ পৰিছে৷ পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানে আন্তর্জাতিক মুদ্রানিধি চমুকৈ আইএমএফক ঋণৰ বাবে জনোৱা আবেদন নাকচ কৰিছে৷ দেশখনৰ ঋণৰ বোজা ৫০ ত্রিলিয়ন অতিক্রম কৰাৰ পৰিপ্রেক্ষিতত ৰাষ্ট্রীয় নিৰাপত্তা বিষয়টো উদ্বেগজনক হৈ পৰিছে৷ এই লৈ পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খান সংকটত পৰিছে৷ জনতাৰ কল্যাণৰ কাৰণে খৰচ কৰিবলৈ চৰকাৰৰ হাতত সম্পদ নাই বুলি প্রধানমন্ত্রী ইমৰান খানে স্বীকাৰ কৰি অসহায় বোধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷

চৰকাৰী তথ্য অনুসৰি দেশখনৰ ঋণৰ বোজা আৰু দায় ৫০.৫ ত্রিলিয়ন অতিক্রম কৰিছে৷ ই হৈছে দেশখনৰ মুঠ ঘৰুৱা উৎপাদন জিডিপিতকৈও অধিক বেছি৷ ষ্টেট বেংক অৱ পাকিস্তানে প্রকাশ কৰা তথ্য অনুসৰি পূর্বৰে পৰা ঋণৰ বোজা কঢ়িয়াই থকা দেশখনত ইমৰান খানৰ কার্যকালত ২০.৭ ত্রিলিয়ন ঋণ বৃদ্ধি পাইছে৷

তথ্য মতে, ২০১৮ চনৰ জুনত প্রতিগৰাকী পাকিস্তানীৰ মূৰত ১৪৪,০০০ টকা ধাৰৰ বোজা আছিল৷ ২০২১ চনৰ ছেপ্ঢেম্বৰত এই ধাৰৰ বোজা ২৩৫,০০০ টকালৈ বৃদ্ধি পাইছে৷ তদুপৰি অতিৰিক্ত বোজা ৯১ হাজাৰ৷ অর্থাৎ ইমৰান খানৰ কার্যকালত দেশখনত ৬৩ শতাংশ বোজা নাগৰিকৰ ওপৰত বৃদ্ধি পাইছে৷ দেশখনৰ বিধ্বস্ত অর্থনীতিৰ প্রতি লক্ষ্য ৰাখি ইমৰান খান চৰকাৰে আইএমএফলৈ ঋণৰ দুৱাৰ মুকলি কৰি দিয়াৰ বাবে আবেদন জনাইছিল যদিও আইএমএফে এই আবেদন নাকচ কৰিছে৷

লক্ষণীয় যে আন্তর্জাতিক ঋণ প্রদানকাৰী আইএমএফে পাকিস্তানে বিত্তীয় বর্ষটোৰ জিডিপিৰ সমান দুই শতাংশ ঋণ বিচাৰি জনোৱা আবেদন নাকচ কৰিছে৷ দেশৰ অর্থনীতিৰ বিধ্বস্ত অর্থনীতিক লৈ চলিত সপ্তাহৰ আৰম্ভতে প্রধানমন্ত্রী ইমৰান খানে চৰকাৰৰ পুঁজি অভাৱ হৈছে বুলি নিঃসহায় অৱস্থাটোক অকপটে স্বীকাৰ কৰিছে৷ দেশবাসীৰ আগত পাক প্রধানমন্ত্রীগৰাকীয়্ কয়, আমাৰ বৃহত্তম সমস্যা হৈছে যে দেশ চলাবলৈ আমাৰ টকাৰ অভাৱ৷ আনপিনে ঋণ আনিবলৈও আমি সমর্থ হোৱা নাই৷ বিদেশী ঋণৰ বোজা বৃদ্ধি পাই থকাৰ বিপৰীতে ৰাজহ সংগ্রহ নিম্নগামী হৈ পৰিছে৷ ই ৰাষ্ট্রীয় সুৰক্ষাৰ বিষয় হৈ পৰাৰ দিশে আগবাঢ়িছে৷

তাৎপর্যপূর্ণ যে নিষিদ্ধ সন্ত্রাসবাদী সংগঠন তালিবানক আফগানিস্তান পুনৰ দখল কৰাৰ ক্ষেত্রত পূর্ণ সমর্থন আগবঢ়োৱা পাকিস্তান বিশ্ব সম্প্রদায়ৰ মাজত এক সন্দেহজনক স্থিতিত বর্তি আছে৷

You might also like