নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ গ্রে লিষ্টতে থাকিল পাকিস্তান

অক্টোবৰলৈ সময়সীমা বৃদ্ধি এফএটিএফৰ

নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ সন্ত্রাসবাদী সংগঠনক পুঁজি যোগান ধৰাৰ ঘটনাৰ নিৰীক্ষক হিচাপে থকা আন্তর্জাতিক সংস্থা ফাইনেন্সিয়েল একচন ফ’চ (এফএটিএফ)ৰ গ্রে লিষ্টতেই থাকিল পাকিস্তান৷ পেৰিছস্থিত সংস্থাটোৰ ৩৯ সদস্য ৰাষ্ট্রই কালি পাকিস্তানক লৈ তীব্র বিষোদগাৰ প্রকাশ কৰিছিল৷ এফএটিএফৰ গ্রে লিষ্টৰ পৰা মুক্ত হ’বলৈ হ’লে পাকিস্তানে সংস্থাটোৰ ২৭ দফীয়া একচন প্লেন সম্পূর্ণৰূপে কার্যকৰী কৰিব লাগিব ৷ এইক্ষেত্রত আগন্তুক অক্টোবৰলৈ সময়সীমা বান্ধি দিছে এফএটিএফে৷ যদি সন্ত্রাসবাদী সংগঠনৰ প্রতি থকা সহমর্মিতা পাকিস্তানে পৰিহাৰ কৰিব নোৱাৰে আৰু ভৱিষ্যৎ দিনলৈ গৃহভূমিত থকা সন্ত্রাসবাদী সংগঠনবোৰক পুঁজি যোগান ধৰি যায়, এফএটিএফৰ ব্লেক লিষ্টত পৰাৰ সম্ভাৱনা আছে দেশখন৷ অর্থাৎ দেশখনৰ পৰিস্থিতি অধিক জটিল হৈ পৰিব ৷ বিভিন্ন আন্তর্জাতিক নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে পাক চৰকাৰে ৷ শুকুৰবাৰে পাকিস্তানী গ্রে লিষ্টৰ পৰা মুক্তি পাব বুলি বিভিন্ন মহলে ধাৰণা কৰিছিল৷ আনকি তুৰস্ককে ধৰি কেইবাখনো দেশে এইক্ষেত্রত পাকিস্তানৰ প্রতি সমর্থন জনাইছিল ৷

You might also like