প্রধানমন্ত্রী হিচাপে উপহাৰ পোৱা নেকলেচ বিক্রী ইমৰান খানৰ
নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ প্রধানমন্ত্রীৰ পদ হেৰুওৱাৰ পিছত এইবাৰ দুর্নীতিৰ গোচৰৰ তদন্তৰ সন্মুখীন হৈছে ইমৰান খান৷ অভিযোগ অনুসৰি প্রধানমন্ত্রী হৈ থকা অৱস্থাতে উপহাৰ হিচাপে পোৱা এডাল নেকলেচ ১৮ কোটি টকাত বিক্রী কৰি দিছিল ইমৰান খানে৷ পাকিস্তানী চোৰাংচোৱা সংস্থা ফেডাৰেল ইনভেষ্টিগেচন এজেঞ্চী (এফআইএ)ক এই সন্দর্ভত তদন্তৰ দায়িত্ব দিয়া হৈছে বুলি চৰকাৰী সূত্রৰ খবৰ৷ পাকিস্তানৰ আইন অনুসৰি চৰকাৰী পদত থকাৰ সময়ত লাভ কৰা উপহাৰ চৰকাৰী কোষাগাৰতে জমা কৰিব লাগে৷ কিন্তু ইমৰান খানে এই নিয়ম পালন কৰা নাই৷ ইমৰানে এই নেকলেচডাল ঘনিষ্ঠ সহযোগী জুলফিকাৰ বুখাৰীৰ জৰিয়তে লাহোৰৰ অলংকাৰ বিক্রেতাৰ ওচৰত বিক্রী কৰিছিল৷ বিক্রী কৰিলেও ৫০ শতাংশতকৈ অধিক ধন কোষাগাৰত জমা দিব লাগে যদিও সেই কাম ইমৰান খানে কৰা নাছিল বুলি অভিযোগ অনা হৈছে৷