পৰমাণু নিৰস্ত্রীকৰণ চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰিব ইৰানে
নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ ২০১৫ চনৰ পৰমাণু চুক্তি উলংঘা কৰি ইৰানে গণবিধ্বংসী অস্ত্র পৰীক্ষাত হাত দিয়া বুলি অভিযোগ তুলি বিষয়টো ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত উত্থাপনৰ হুংকাৰ দিছে ইউৰোপীয় দেশসমূহে ৷ ইউৰোপীয় দেশ ব্রিটেইন, ফ্রান্স আৰু জার্মানীয়ে এই হুংকাৰ দিয়াৰ পিছতে ইৰানে প্রতিহুংকাৰ দি কৈছে যে পাশ্চাত্যৰ দেশবোৰে এনে কার্য কৰিলে তেহৰান প্রশাসনে বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ পৰমাণু নিৰস্ত্রীকৰণ চুক্তিৰ পৰা আঁতৰি আহিব ৷ স্মর্তব্য যে ১৯৬৮ চনত শীতল যুদ্ধৰ মাজতে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত পৰমাণু নিৰস্ত্রীকৰণ চুক্তি স্বাক্ষৰ হৈছিল ৷ ২০১৫ চনত ইৰান আৰু কেইবাখনো শক্তিশালী ৰাষ্ট্রৰ মাজত স্বাক্ষৰ হৈছিল পৰমাণু চুক্তি৷ এই চুক্তি অনুসৰি ইৰানে পৰমাণু অস্ত্রৰ পৰীক্ষা বন্ধ কৰিছিল আৰু দেশখনে বিশ্বজুৰি বাণিজ্য সম্প্রসাৰণৰ সুযোগ পাইছিল ৷ কিন্তু আমেৰিকাই এই চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰাৰ পিছতেই আহি পৰিছে নতুন সংকট ৷