নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাইজাবাদৰ ‘গুমনামী বাবা’ নাছিল নেতাজী সুভাষ চন্দ্র বসু

বিষ্ণু সাহাই আয়োগৰ প্রতিবেদন প্রকাশ

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ৰহস্যজনক গুমনামী বাবা ওৰফে ভগৱানজী দেশৰ স্বাধীনতা সংগ্রামী নেতাজী সুভাষ বসু নাছিল ৷ ইয়াৰ তদন্ত চলোৱা অৱসৰপ্রাপ্ত ন্যায়াধীশ বিষ্ণু সাহাই নেতৃত্বাধীন আয়োগে ঘোষণা কৰিছে এই তথ্য ৷ লক্ষণীয়ভাৱে ইতিমধ্যে গুমনামী বাবা নেতাজী সুভাষ চন্দ্র বসু নহয় বুলি বিভিন্ন মহলে ঘোষণা কৰিছে ৷ আয়োগে শেহতীয়াকৈ ইয়াৰ তদন্ত সামৰিছে ৷ অৱশ্যে গুমনামী বাবা নেতাজীৰ অনুগামী আছিল বুলি স্পষ্ট কৰি দিছে বিষ্ণু সাহাই আয়োগে৷ আনকি নেতাজীৰ প্রতি থকা দুর্বাৰ আস্থা আৰু অনুৰাগে দেশৰ স্বাধীনতা সংগ্রামীগৰাকীৰ কণ্ঠস্বৰৰ সৈতে সাদৃশ্য ৰাখি বিভিন্ন সময়ত বক্তব্য প্রদান কৰিছিল গুমনামী বাবাই ৷ ১৯৮৫ চনৰ ১৬ ছেপ্ঢেম্বৰত মৃত্যু হোৱা গুমনামী বাবাৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল অযোধ্যাৰ গুপ্তাৰ ঘাটত । বৃহস্পতিবাৰে ১৩০ পৃষ্ঠজোৰা আয়োগৰ প্রতিবেদনত এই কথাও স্পষ্ট কৰা হৈছে যে ফাইজাবাদৰ ৰাম ভৱনৰ পৰা সংগ্রহ কৰা সামগ্রীবোৰ নেতাজী সুভাষ চন্দ্র বসুৰ সৈতে সম্পর্কিত আছিল যদিও গুমনামী বাবা নেতাজী নাছিল ৷

You might also like