বন্যপ্রাণীৰ মাংসৰ বজাৰ বন্ধৰ পোষকতা অষ্ট্রেলিয়াৰ
নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ জৈৱ সুৰক্ষা আৰু মানৱ স্বাস্থ্যৰ প্রতি বিপজ্জনক বন্যপ্রাণীৰ মাংসৰ বজাৰ বন্ধ কৰাৰ পোষকতা কৰিছে অষ্ট্রেলিয়াই৷ জি–২০ দেশক এইক্ষেত্রত ব্যৱস্থা গ্রহণৰ আহ্বান জনাইছে অষ্ট্রেলিয়াৰ চৰকাৰে৷ বন্যপ্রাণী ৱেট বজাৰত মাংস আৰু মাছৰ অবাধ বিক্রীৰ ভিতৰত তাৎপর্যপূর্ণভাৱে বন্যপ্রাণীৰো মাংস অবাধে বিক্রী কৰি আহিছে৷ সম্প্রতি বিশ্বজুৰি সংহাৰ সৃষ্টি কৰা মহামাৰী ক’ভিড–১৯ৰ উৎপত্তি চীনৰ য়ুহানৰ বন্যপ্রাণীৰ মাংসৰ বজাৰ চর্চিত হোৱাৰ পিছতেই বিশ্বব্যাপী এনে বজাৰ বন্ধৰ দাবী উত্থাপিত হৈছে৷ ইতিমধ্যে চীনে মেকুৰী আৰু কুকুৰৰ মাংস বিক্রীত নিষেধাজ্ঞা কৰিলেও য়ুহানৰ বন্যপ্রাণী বজাৰখনৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰা নাই৷ বিশ্বজুৰি সৃষ্টি হোৱা মানৱ জাতিৰ বিপজ্জনক পৰিস্থিতিৰ সময়ত বন্যপ্রাণীৰ বজাৰ বন্ধ কৰাৰ প্রয়োজনীয়তা উপলব্ধি কৰি জি–২০ দেশে শীঘ্রেই ব্যৱস্থা গ্রহণ কৰিব লাগে বুলি অষ্ট্রেলিয়াই আহ্বান জনাইছে৷