বালাকোটত পুনৰ সক্ৰিয় হৈ উঠিছে বহু সন্ত্ৰাসবাদী শিবিৰ; দি থকা হৈছে অনুশীলন
নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ পাক অধিকৃত কাশ্মীৰ (PoK)স্থিত বালাকোটত পুনৰ সক্ৰিয় হৈ উঠিছে বহু সন্ত্ৰাসবাদী শিবিৰ । জানিব পৰা মতে ভাৰতত কোটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ উদ্দেশ্যে মাছুদ আজহাৰৰ খুলশালীয়েকে ২৭ জনকৈ সন্ত্ৰাসবাদীক অনুশীলন আগবঢ়াইছে ।
ইপিনে চোৰাংচোৱা সংস্থাৰ তথ্য মতে বালাকোটত যি ২৭ জনকৈ সন্ত্ৰাসবাদীক অনুশীলন দি থকা হৈছে তাৰ ভিতৰত ১৯ জন পাকিস্তানী সন্ত্ৰাসবাদী আৰু ৮ জন সন্ত্ৰাসবাদী হৈছে পাক অধিকৃত কাশ্মীৰৰ ।
লগতে চোৰাংচোৱাই জনাইছে যে বালাকোটৰ এই শিবিৰসমূহৰ পৰিদৰ্শকৰ দায়িত্ব মাছুদ আজহাৰৰ খুলশালীয়েক য়ুছুফ আজহাৰক দিয়া হৈছে ।