বিপ্লৱী গুৱেভাৰাৰ জন্মগৃহ বিক্রীৰ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ বিংশ শতিকাৰ কিংবদন্তি বিপ্লৱী আর্নেষ্ট’ ছেই গুৱেভাৰাৰ জন্মগৃহ বিক্রীৰ যো–জা চলিছে৷ আর্জেণ্টাইন চহৰ ৰ’জাৰি’ গুৱেভাৰাত জন্মলাভ কৰিছিল ১৯২৮ চনত৷ ২০০২ চনত গুৱেভাৰাই জন্মগ্রহণ কৰা নিও ক্লাছিকেল ষ্টাইল প্রাসাদ এটাৰ এপার্টমেণ্টটো ক্রয় কৰিছিল ফ্রান্সিছকো ফাৰুগিয়া নামৰ এগৰাকী ব্যৱসায়ীয়ে৷ ২৪০ বর্গমিটাৰৰ এই এপার্টমেণ্টটো ফাৰুগিয়াই এক সাংস্কৃতিক কেন্দ্র হিচাপে গঢ়ি তুলিব বিচাৰিছিল যদিও বিভিন্ন কাৰণত তেওঁৰ সপোন বাস্তৱায়িত নহ’ল৷ অৱশ্যে কিমান ধন পালে গুৱেভাৰাৰ এই জন্মগৃহ বিক্রী কৰিব সেই সন্দর্ভত কোনো তথ্য সদৰী কৰা নাই ফাৰুগিয়াই৷ স্মর্তব্য যে দশকৰ পাছত দশক ধৰি ছেৰ অনুৰাগীসকলৰ বাবে এই প্রাসাদটো হৈ আছে আকর্ষণৰ কেন্দ্রবিন্দু৷ উৰুগুৱেৰ প্রাক্তন ৰাষ্ট্রপতি মুজিকাৰ পৰা আৰম্ভ কৰি ফিডেল কাষ্ট্রোৰ পুত্রলৈকে সকলোৱে এই প্রাসাদটো দর্শন কৰিবলৈ সঘনে চহৰখনলৈ আহে৷ স্মর্তব্য যে ১৯৫০ৰ দশকত গুৱেভাৰাৰ সৈতে মটৰচাইকেলেৰে লেটিন আমেৰিকা ভ্রমণ কৰা এলবার্টো গ্রানাডোৱেও এই প্রাসাদটো কেইবাবাৰো দর্শন কৰিছে৷