নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজুৰি ক’ৰোনাত ১ লাখ ৯৪ হাজাৰৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছে বিশ্বজুৰি এতিয়ালৈকে ১ লাখ ৯৪ হাজাৰ লোকৰ প্রাণ লৈছে৷ এই মহামাৰীত আক্রান্তৰ সংখ্যা হ’ল ২৭ লাখতকৈও অধিক লোক৷

আমেৰিকাৰ পিছতে সর্বাধিক ক্ষতিগ্রস্ত দেশকেইখন হ’ল– ইটালী, স্পেইন, ফ্রান্স আৰু ব্রিটেইন৷ ইটালীত শেহতীয়া তথ্য অনুসৰি ১ লাখ ৯২ হাজাৰ লোক আক্রান্ত হোৱাৰ লগতে প্রাণ হেৰুৱাইছে প্রায় ২৬ হাজাৰ লোকে৷

কালিৰ দিনটোত দেশখনত ৪৬৪জন লোকৰ মৃত্যু হৈছিল৷ স্পেইনত ইউৰোপৰ ভিতৰতে সর্বাধিক ২ লাখ ২০ হাজাৰ লোক আক্রান্ত হোৱাৰ লগতে মৃত্যু হৈছে প্রায় ২২ হাজাৰ লোকৰ৷ আনহাতে, ফ্রান্সতো ক’ৰোনা ভাইৰাছে ২২ হাজাৰ লোকৰ প্রাণ লৈছে৷ ব্রিটেইনত কালি ৬৩৮জন লোকৰ মৃত্যু হোৱাৰ পিছত আজিও শেহতীয়া বাতৰি অনুসৰি ৭৬৮জন লোকৰ মৃত্যু হৈছে৷ দেশখনত মৃতকৰ সংখ্যা হ’লগৈ ১৯ হাজাৰ ৫০০জন৷

You might also like