নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজুৰি বৃদ্ধি পাইছে বন্য জন্তুৰ চিকাৰ

নিয়মীয়া বাৰ্তা, ১৭ এপ্রিলঃ মাৰাত্মক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীয়ে বিশ্বজুৰি বিস্তাৰ লাভ কৰাৰ লগে লগে বিভিন্ন দেশত বন্য জীৱজন্তু চিকাৰ বৃদ্ধি পাইছে ৷ বিশেষকৈ ক’ৰোনা সংকটে কঢ়িয়াই অনা দুর্ভিক্ষৰ পৰা পৰিত্রাণ পাবলৈ চোৰাং চিকাৰীয়ে অভয়াৰণ্যবোৰত আৰম্ভ কৰিছে পশু–পক্ষী বধ অভিযান ৷ শেহতীয়াকৈ ৱাইল্ডলাইফ কনজাৰভেচন ছ’চাইটী (ডব্লিউচিএছ)ৰ তৰফৰ পৰা সদৰী কৰা হৈছে তথ্য ৷ সংস্থাটোৰ তথ্য অনুসৰি এছিয়াৰ দেশ কম্বোডিয়াত দুষ্প্রাপ্য প্রজাতিৰ নানাৰঙী বৰটোকোলা পাইকাৰী হাৰত হত্যা কৰিছে চোৰাং চিকাৰীয়ে৷ কম্বোডিয়াত এই দুষ্প্রাপ্য পক্ষীবিধৰ ১ শতাংশ মাত্র কেইদিনমানৰ ভিতৰতে বধ কৰিছে চোৰাং চিকাৰীয়ে৷ একে সময়তে আফিকাৰ বিভিন্ন দেশত দুষ্প্রাপ্য প্রজাতিৰ গঁড় আৰু বাঘ নিধন অভিযান আৰম্ভ কৰিছে৷ স্মর্তব্য যে ক’ৰোনা ভাইৰাছে গোলকীয় অর্থনীতিলৈ ভাবুকি কঢ়িয়াই অনাৰ লগে লগে বন্য জীৱজন্তুৰ জীৱনলৈও নামি আহিছে সংকট ৷

You might also like