বিশ্বৰ ক’ভিড পৰিস্থিতি জটিল কৰি তুলিব পাৰে চীনে
নিয়মীয়া বাৰ্তা, ৩১ডিচেম্বৰ: ক’ৰোনাৰ নতুন উপ–প্রকৰণ বি এফ–৭–এ চীনত সংক্রমণৰ সংহাৰ সৃষ্টি কৰিছে৷ কিন্তু চীনে ক’ভিড সম্পর্কীয় তথ্য প্রকাশ কৰিবলৈ অস্বীকাৰ কৰিছে৷ এই বিষয়টোত গভীৰ উদ্বেগ প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ মুৰব্বী টেড্র’ছ আধানম ঘেব্রিয়েছাছে৷ ক’ভিড সম্পর্কীয় তথ্য শীঘ্রে প্রকাশ কৰিবলৈ চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙলৈ আহ্বান জনাইছে ‘হু’ৰ মুৰব্বীগৰাকীয়ে৷ চীনৰ পৰা ওভতা যাত্রীসকলৰ ক্ষেত্রত একাধিক বিধি তথা নিষেধাজ্ঞা জাৰি কৰিছে আমেৰিকা, ভাৰত, দক্ষিণ কোৰিয়াসহ বিভিন্ন দেশে৷ বর্তমান পৰিস্থিতিত চীনফেৰৎ যাত্রীসকলৰ ওপৰত এনে নিষেধাজ্ঞা স্বাভাৱিক বুলি মন্তব্য কৰিছে ঘেব্রিয়েছাছে৷ কিন্তু চীনৰ পৰা পর্যাপ্ত তথ্য পোৱা নগ’লে ক’ভিডৰে মোকাবিলা কৰাটো কঠিন হৈ পৰিব বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে সতর্কবাণী কৰিছে৷ কাৰণ এতিয়াও বহু দেশে চীনৰ পৰা ওভতা যাত্রীৰ ক্ষেত্রত ক’ভিডৰ কোনো বিধি আৰোপ কৰা নাই৷ চীনৰ আঁকোৰগোজ মনোভাবে সমগ্র বিশ্বক পুনৰ বিপর্যয়ৰ সন্মুখীন কৰাব বুলি আশংকা প্রকাশ কৰিছে ঘেব্রিয়েছাছে৷