নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব স্বাস্থ্য সংস্থাৰ ‘ছেফ হেণ্ডছ চেলেঞ্জ’

ক’ৰোনাৰ বিৰুদ্ধে ভাৰতৰ প্রতিৰোধমূলক ব্যৱস্থাক লৈ সন্তুষ্টি

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ ঘাতক ক’ৰোনা ভাইৰাছক লৈ জনতাৰ মাজত সজাগতা আৰু পৰিচ্ছন্নতাৰ গুৰুত্বক জনাবলৈ বিশ্ব স্বাস্থ্য সংস্থাই মুকলি কৰিলে ‘ছেফ হেণ্ডছ চেলেঞ্জ’ অভিযান ৷ বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে জনতাক সহায় কৰিবলৈ পৰিচ্ছন্ন হাতৰ শক্তিক লৈ এক ভিডিঅ’ মুকলি কৰিছে ৷ এই অভিযানত অংশ ল’বলৈ প্রতিগৰাকী জনতাক আহ্বান জনাই তেওঁলোকে নিজৰ হাত ধোৱা ভিডিঅ’ শ্বেয়াৰ কৰিবলৈও আহ্বান  জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ ক’ভিড–১৯ৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ সাধাৰণ কাম এটা কৰিব পাৰোঁ বুলি উল্লেখ কৰি চাবোনেৰে হাত ধোৱা আৰু এলকহল স্থিতি ৰাবেৰে মচাৰ ভিডিঅ’ প্রচাৰ কৰি জনতাক এই অভিযানত অংশ ল’বলৈ আহ্বান জনোৱা বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধান টেড্র’ছ এ গেব্রেয়েছাছে নিজেও হাত ধোৱা ভিডি’ এটা শ্বেয়াৰ কৰিছে ৷ ইপিনে ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে ভাৰতে লোৱা পদক্ষেপক প্রশংসা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চৰ সৈতে হোৱা বৈঠকৰ অন্তত বিশ্ব স্বাস্থ্য সংস্থাৰ ভাৰতৰ প্রতিনিধি হেন্ক বেকেডামে কয় যে ঘাতক ভাইৰাছটোক লৈ ভাৰতৰ প্রতিৰোধী ব্যৱস্থা শীর্ষ পর্যায়ৰ৷ প্রধানমন্ত্রী কার্যালয়ে নিজেই এইক্ষেত্রত নিৰীক্ষণ কৰি আছে ৷ যাৰ বাবে ভাৰতে প্রতিৰোধৰ ক্ষেত্রত ভাল কাম কৰি আছে ৷ তেওঁ অতি অনুপ্রাণিত হৈছে ৷ যাৰ দ্বাৰা আনকো প্রভাৱিত কৰিব পাৰিব ৷

You might also like