নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিষাক্ত পিঁয়াজৰ পৰা বিয়পি পৰিছে ৰোগ

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: বিষাক্ত পিঁয়াজৰ পৰা আমেৰিকাত বিয়পি পৰিছে ছালমনেলা ৰোগ৷ দেশখনৰ স্বাস্থ্য বিষয়াসকলে মেক্সিকোৰ চিহুৱাহুৱা প্রদেশৰ পৰা আমদানি কৰা পিঁয়াজবোৰ পেলাই দিবলৈ জনসাধাৰণক আহ্বান জনাইছে৷ দেশখনৰ ৰোগ নিয়ন্ত্রণ আৰু প্রতিৰোধ কেন্দ্র (চিডিচিপি)ৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি, একেবাৰে ৰঙা, বগা বা হালধীয়া ৰঙৰ যিবোৰ পিঁয়াজ আছে, সেইবোৰৰ পৰাই এই ৰোগ বিয়পিছে৷ পিঁয়াজসমূহ পেকেজ কৰাৰ সময়ত কোনো ধৰণৰ ষ্ট্রীকাৰ লগোৱা নাথাকিলে তেনে পিঁয়াজ খাদ্যৰ লগত গ্রহণ কৰা অনুচিত বুলিও স্বাস্থ্য বিভাগৰ বিশেষজ্ঞসকলে ঘোষণা কৰিছে৷ উল্লেখনীয় যে আমেৰিকাৰ ৩৭খন প্রদেশত এতিয়ালৈকে ৬৫০জন লোক বিষাক্ত পিঁয়াজ ভক্ষণৰ ফলত ছালমনেলাত আক্রান্ত হৈছে৷

You might also like