নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রাজিলত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা মুক্ত বিশ্বযুদ্ধৰ সৈনিক

নিয়মীয়া বাৰ্তা, ১৬ এপ্রিলঃ দ্বিতীয় বিশ্বযুদ্ধত অংশগ্রহণ কৰা ব্রাজিলৰ প্রাক্তন সেনা বিষয়া আৰমাণ্ডো পিভেটা ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা মুক্ত হৈছে ৷ দ্বিতীয় বিশ্বযুদ্ধত আফ্রিকাত ব্রাজিলিয়ান বাহিনীত যোদ্ধা হিচাপে অংশগ্রহণ কৰিছিল ছেকেণ্ড লেফটেনেণ্ট আৰমাণ্ডো পিভেটাই ৷ ৯৯ বছৰীয়া পিভেটা ক’ৰোনা ভাইৰাছত সংক্রমিত হৈ ব্রাছিলিয়াৰ সশস্ত্র বাহিনী হাস্পতালত চিকিৎসাধীন হৈছিল ৷ মঙলবাৰে ক’ৰোনাৰ সংক্রমণৰ পৰা মুক্ত হোৱাৰ পাছতে পিভেটাক ঘৰলৈ প্রেৰণ কৰিছে হাস্পতাল কর্তৃপক্ষই ৷ উল্লেখনীয় যে শতবর্ষ স্পর্শ কৰিবলৈ ওলোৱা পিভেটাক হাস্পতালৰ পৰা বিদায় দিয়া সময়ত চিকিৎসক আৰু নার্ছসকলে প্রাক্তন সেনা বিষয়াগৰাকীৰ সন্মানার্থে বিভিন্ন বাদ্যযন্ত্র বজায় ৷

You might also like