নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রাজিলত ৰাষ্ট্রপতিৰ পৰিৱেশ নীতিক প্রত্যাহ্বান আদিবাসী ভূমিপুত্রৰ

আমাজান বর্ষাৰণ্যত প্রতিবাদী সমাৱেশ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ ব’লছ’নাৰোৰ পৰিৱেশ নীতি সন্দর্ভত বিশ্বজুৰি প্রতিক্রিয়া চলি থকাৰ সময়তে আমাজান বর্ষাৰণ্যৰ ভূমিপুত্রসকলে নেতাগৰাকীৰ নীতিক প্রত্যাহ্বান জনাবলৈ সংকল্প গ্রহণ কৰিছে ৷ আদিবাসী ভূমিপুত্রসকলৰ কেইবাগৰাকীও নেতাৰ উপৰি বিভিন্ন সম্প্রদায়ৰ প্রতিনিধিয়ে বর্ষাৰণ্যত খনি মুকলি কৰাৰ প্রতিবাদ সাব্যস্ত কৰিছে৷ ধনকুবেৰ ব্যৱসায়ী গোষ্ঠীৰ স্বার্থ ৰক্ষা কৰিবলৈ আদিবাসী ভূমিপুত্রসকলৰ অঞ্চল বিভিন্ন প্রতিষ্ঠানক গতাই দিয়াৰ সিদ্ধান্ত লৈছে ৰাষ্ট্রপতিগৰাকীয়ে ৷ গতিকে আমাজান বর্ষাৰণ্যত এতিয়া আৰম্ভ হৈছে ভূমিপুত্রৰ অধিকাৰ ৰক্ষাৰ আন্দোলন৷ যোৱা বছৰ বর্ষাৰণ্যৰ অগ্নিকাণ্ডক লৈ বিশ্বজুৰি সৃষ্টি হৈছিল চাঞ্চল্য ৷ মঙলবাৰৰ পৰা ভূমিপুত্রসকলে প্রতিবাদ সাব্যস্ত কৰাৰ উপৰি ৰাজধানী ব্রাছিলিয়া অভিমুখে সমদল উলিওৱাৰ সিদ্ধান্ত লৈছে ৷

You might also like