ব্রিটেইনত আৱির্ভাৱ ক’ৰোনা মহামাৰীৰ নতুন প্রকৰণ ডেল্টাক্রনৰ
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ বিশ্বজুৰি ক’ভিড মহামাৰীৰ প্রতাপ কিছু হ্রাস পাইছে যদিও শেহতীয়াকৈ ব্রিটেইনত মহামাৰীৰ নতুন প্রকৰণৰ আৱির্ভাৱ ঘটিছে৷ ক’ভিডৰ এই নতুন প্রকৰণৰ নাম ডেল্টাক্রন৷ অৱশ্যে এই নতুন প্রকৰণ কিমান বিপজ্জনক সেই সন্দর্ভত বিশ্ব স্বাস্থ্য সংস্থাই কোনো ধৰণৰ তথ্য সদৰী কৰা নাই৷ কিন্তু ক’ৰোনাৰ এই নতুন প্রকৰণৰ আৱির্ভাৱ ঘটাৰ লগে লগে উদ্বিগ্ন হৈ পৰিছে বিশেষজ্ঞ চিকিৎসকসকল৷ কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকৰ মতে, এই নতুন ভেৰিয়েণ্ট দুটা প্রকাৰণৰ মিশ্রণ৷ ডেল্টাক্রনত ডেল্টা আৰু অমিক্রন প্রকৰণৰ চৰিত্র আছে৷ অর্থাৎ ক’ভিডৰ পূর্বৰ দুয়োটা প্রকৰণৰ সংমিশ্রিত ৰূপ ইয়াৰ মাজত দেখিবলৈ পোৱা গৈছে৷ ব্রিটেইনৰ স্বাস্থ্য নিৰাপত্তা সংস্থাই দেশৰ এক পৰীক্ষাগাৰত নমুনা পৰীক্ষা কৰিবলৈ যোৱাৰ সময়ত এই নতুন প্রকৰণৰ উপস্থিতি ধৰা পেলাইছে৷ ইতিমধ্যে ব্রিটিছ সংক্রামক ৰোগ বিশেষজ্ঞসকলে এই নতুন প্রকৰণটোৰ ওপৰত নিৰীক্ষণ আৰম্ভ কৰিছে৷