নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটেইনৰ ৰাষ্ট্রদূতক চমন নতুন দিল্লীৰ

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ ব্রিটিছ সংসদত ভাৰতৰ কৃষি সংস্কাৰ আইনক লৈ আলোচনা কৰা সন্দর্ভত আজি নতুন দিল্লীস্থ ব্রিটেইনৰ ৰাষ্ট্রদূতক চমন জাৰি কৰে কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ে৷ ব্রিটিছ সংসদত কৃষি আইনক লৈ আলোচনা কৰা সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি বৈদেশিক পৰিক্রমা মন্ত্রালয়ৰ বৈদেশিক সচিব হর্ষবর্ধন শ্রিংলাই কয় যে ব্রিটিছ সংসদত ভাৰতৰ কৃষি সংস্কাৰক লৈ আলোচনা কৰাটো আন এখন গণতান্ত্রিক দেশৰ ৰাজনীতিৰ ওপৰত হস্তক্ষেপ বুজায়৷ কৃষি আন্দোলনক ভুল ব্যাখ্যাৰে ভোট বেংকৰ ৰাজনীতি নকৰিবলৈ ব্রিটিছ সাংসদক সকীয়নি দিয়ে৷ বৈদেশিক মন্ত্রালয়ৰ বিবৃতিত প্রকাশ কৰা মতে গ্রেট ব্রিটেইনৰ ৰাষ্ট্রদূতগৰাকীক চমন জাৰি কৰি উক্ত বিষয়টোক লৈ প্রতিবাদ জনায় মন্ত্রালয়ে৷

You might also like