নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতক লৈ জি–১০ গঠনৰ পোষকতা ট্রাম্পৰ

নিয়মীয়া বার্তা, ১ জুনঃ  ক’ৰোনা ভাইৰাছৰ সংকট চলি থকাৰ বাবে জি–৭ সন্মিলন স্থগিত ৰাখিলে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ কার্যসূচী স্থগিত ৰাখি মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে জি–৭ৰ ধাৰণা আওপুৰণি বুলি মন্তব্য কৰি ভাৰতকে ধৰি চাৰি ৰাষ্ট্রক সন্নিৱিষ্ট কৰি জি–৭ক পুনৰ গঠনেৰে জি–১০/১১ কৰাৰ পোষকতা কৰে ৰাষ্ট্রপতিগৰাকীয়ে৷

বর্তমান বিশ্বৰ সাতখন আর্থিকভাৱে শক্তিশালী দেশৰ জি–৭ গোটটোত নতুনকৈ ভাৰত, অষ্ট্রেলিয়া, দক্ষিণ কোৰিয়া আৰু ৰাছিয়াক অন্তর্ভুক্ত কৰাৰ পোষকতা কৰে ট্রাম্পে৷ উল্লেখ্য যে শক্তিশালী সাত ৰাষ্ট্রৰ জি–৭ৰ আমেৰিকা যুক্তৰাষ্ট্র, গ্রেট ব্রিটেইন, ফ্রান্স, ইটালী, কানাডা, জাপান, চীন আছে৷ ক’ৰোনা ভাইৰাছক লৈ চীনৰ সৈতে চলি থকা সংঘাতৰ পৰিপ্রেক্ষিতত ৰাষ্ট্রপতি ট্রাম্পে জি–৭ক পুনৰ গঠন কৰাৰ মন মেলিছে বুলি আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত চর্চিত হৈছে৷

উল্লেখ্য যে ১৯৭৫ চনত জি–৪ আৰম্ভ হৈছিল আৰু পিছলৈ জি–৭লৈ উন্নীত হৈছিল৷ এনেক্ষেত্রত মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে পুনৰ গঠনৰ পোষকতাক অস্বীকাৰ কৰিব নোৱাৰি৷ তাৎপর্যপূর্ণ যে ২০১৪ চনত মার্কিন ৰাষ্ট্রপতি বাৰাক অ’বামাৰ কার্যকালত ৰাছিয়াক নিলম্বিত কৰা হৈছিল৷

You might also like