ভাৰতত প্রৱেশৰ বাবে পি’কেত সাজু ৩০০ সন্ত্রাসবাদী
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ জম্মু–কাশ্মীৰৰ কুপৱাৰা জিলাৰ নাওগাম ছেক্টৰত আজি নিৰাপত্তা বাহিনীৰে সংঘর্ষত দুটাকৈ লস্কৰ সন্ত্রাসবাদী নিহত হোৱাৰ পাছতে সেনা সূত্রই সদৰী কৰিছে যে ভাৰত ভূখণ্ডত প্রৱেশৰ বাবে নিয়ন্ত্রণ ৰেখাৰ সিপাৰে পাক অধিকৃত কাশ্মীৰত (পি অ’ কে) সষ্টম হৈ আছে ২৫০ৰ পৰা ৩০০ সন্ত্রাসবাদী৷
সীমান্তৰে ভাৰত ভূমিত অনুপ্রৱেশ কৰি ভয়াৱহ কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা চলাইছে এই সন্ত্রাসবাদীৰ বৃহৎ দলটোৱে৷ প্রতিৰক্ষা মুখপাত্র কর্নেল ৰাজেশ কালিয়াই উল্লেখ কৰা অনুসৰি আজি পুৱাৰ ভাগতেই নিৰাপত্তা বাহিনীয়ে নিয়ন্ত্রণ ৰেখাত কেইবাজনীয়া সন্ত্রাসবাদীৰ দল এটা বিচৰণ ধৰা পেলায়৷ ইয়াৰে দুটা সন্ত্রাসবাদীয়ে সীমান্ত অতিক্রম কৰি ভাৰতত প্রৱেশ কৰাৰ সময়তে নিৰাপত্তা বাহিনীৰ গুলীত দুয়োটা সন্ত্রাসবাদী নিহত হৈছে৷
ইফালে মেজৰ জেনেৰেল বীৰেন্দ্র ভাটছে উল্লেখ কৰা অনুসৰি পি অ’ কেৰ পৰা ভাৰত ভূখণ্ডত প্রৱেশ কৰাৰ বাবে বৃহৎ সন্ত্রাসবাদীৰ দলটো কেইবাটাও ভাগত বিভক্ত হৈ পৰিব পাৰে৷ কিন্তু নিয়ন্ত্রণ ৰেখাত এই সন্ত্রাসবাদীবোৰৰ প্রৱেশৰ সকলো পৰিকল্পনা ব্যর্থ কৰা হ’ব বুলি ভাটছে ঘোষণা কৰিছে৷