ভাৰতীয় হিন্দু–শিখক নির্যাতন তালিবানৰ
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: আফগানিস্তান দখল কৰাৰ পিছতেই তালিবানে ভাৰতীয় হিন্দু–শিখক নিৰাপত্তা আৰু সুৰক্ষা দিয়া হ’ব বুলি ঘোষণা কৰিলেও কার্যতঃ ইয়াৰ বিপৰীত ছবি এখন পোহৰলৈ আহিছে৷ দেশখনৰ সংবাদ মাধ্যমত প্রচাৰিত বাতৰি অনুসৰি পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ নির্দেশ আৰু উচটনিৰ বাবে ভাৰতীয় হিন্দু–শিখক নির্যাতন চলাইছে তালিবানে৷ কাবুল বিমানবন্দৰৰ সমীপত ভাৰতলৈ আহিবলৈ বাহৰ পাতি থকা একাংশ হিন্দু–শিখ লোকক তালিবান সন্ত্রাসবাদীয়ে প্রহাৰ কৰা ঘটনাৰ বাতৰি প্রচাৰিত হৈছে৷
উল্লেখ্য যে আফগানিস্তান দখলত তালিবানক পূর্ণ সমর্থন জনোৱা পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআয়ে ভাৰতৰ বিৰুদ্ধে নিষিদ্ধ সংগঠন তালিবানক উচটাই আছে৷ আইএছআয়ে তালিবানক ইতিমধ্যে ভাৰতীয় নাগৰিকক নির্যাতন চলোৱাৰ নির্দেশ দিয়া বুলি প্রচাৰ হৈছে৷ উল্লেখ্য যে কাবুল বিমান বন্দৰৰ সমীপৰ লগতে দেশখনৰ বিভিন্ন অঞ্চলত থকা ভাৰতীয় হিন্দু আৰু শিখ লোকৰ সন্ধান চলাই আছে তালিবানে৷ মন কৰিবলগীয়া যে ভাৰতে আফগানিস্তানত থকা ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ ওভতাই অনাৰ প্রক্রিয়া অব্যাহত ৰাখিছে৷
তদুপৰি উক্ত দেশখনৰ পৰা ভগনীয়া হৈ ভাৰতলৈ আহিলে তেনে লোকক শৰণার্থী হিচাপে আশ্রয় দিয়াৰ নিশ্চিতি প্রদান কৰিছে৷ তালিবানে ভাৰতবিৰোধী কার্যকলাপত জড়িত নহয় বুলি ঘোষণা কৰিলেও দেশখনৰ বিভিন্ন প্রান্তত ভাৰতীয় মূলৰ ধর্মীয় সংখ্যালঘু লোকৰ ওপৰত নির্যাতন চলাই থকাৰ ঘটনা পোহৰলৈ আহিছে৷