ভাৰতে বিচাৰিলে অধিক ৰাফেল বিমান পাব
নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ লাডাখত চীনৰ সৈতে সঘনে চলি আহিছে ভাৰতীয় সেনাৰ উত্তেজনা৷ ইফালে, পশ্চিম সীমান্তত পাকিস্তানে প্রতি মুহূর্ততে অস্থিৰতা সৃষ্টিৰ বাবে অপচেষ্টা চলাই আহিছে৷ এনে পৰিস্থিতিত ভাৰতে বিচাৰিলে আৰু অধিক ৰাফেল যুদ্ধ বিমান প্রদান কৰাৰ কথা ঘোষণা কৰিলে ফ্রান্সে৷ ৰাজধানী দিল্লীত ভাৰতৰ সৈতে কৌশলপূর্ণ সম্পর্ক অটুট ৰখাৰ বার্তা দিলে ফ্রান্সৰ প্রতিৰক্ষা মন্ত্রী ফ্ল’ৰেন্স পার্লেই৷ মন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে বন্ধু হিচাপে ভাৰতৰ প্রয়োজনত বিভিন্ন সামগ্রী যোগান ধৰিবলৈ ফ্রান্স সাজু৷ ভাৰতৰ হাতলৈ শীঘ্রে যুদ্ধবিমান পৰিবাহী ৰণতৰী আহিব বুলি ইতিমধ্যে ফ্রান্স চৰকাৰ জ্ঞাত৷ গতিকে ভাৰতক এতিয়া অধিক যুদ্ধবিমানৰ প্রয়োজন হ’ব৷ ভাৰতে বিচাৰিলে ফ্রান্সে আৰু অধিক ৰাফেল যুদ্ধবিমান প্রদান কৰিব বুলিও মন্ত্রীগৰাকীয়ে ঘোষণা কৰিছে৷ স্মর্তব্য যে ভাৰতীয় নৌ–সেনাই শীঘ্রেই আইএনএছ বিক্রান্ত নামৰ ৰণতৰীখন লাভ কৰিব৷ তেতিয়া ৰণতৰীৰ বাবে ভাৰতক প্রয়োজন হ’ব ৫৭খন যুদ্ধ বিমান৷