নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–আমেৰিকাৰ মৈত্রীয়ে লাভ কৰিব নতুন পর্যায়

মউনিখত পম্পি’ৰে মিলিত জয়শংকৰ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্রুৱাৰীঃ জার্মানীৰ মিউনিখ চহৰত অনুষ্ঠিত হোৱা নিৰাপত্তা সন্মিলনৰ মাজতেই শনিবাৰে ভাৰতৰ বিদেশমন্ত্রী এছ জয়শংকৰ মিলিত হয় মার্কিন বিদেশ সচিব মাইক পম্পি’ আৰু নেনছি পেল’চিৰ সৈতে ৷ উল্লেখনীয় যে নেনছি পেল’চি হৈছে আমেৰিকাৰ নিম্ন সদন কংগ্রেছৰ মুৰব্বী ৷ পম্পি’ আৰু পেল’চিৰ সৈতে মিলিত হৈ ভাৰত–আমেৰিকাৰ  মৈত্রী আৰু দ্বিপাক্ষিক সহযোগিতাৰ বিষয়টো সন্দর্ভত বিভিন্ন দিশ পর্যালোচনা কৰে জয়শংকৰে ৷ স্মর্তব্য যে চলিত মাহৰ ২৪ তাৰিখে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ভাৰত ভ্রমণ কৰাৰ পূর্বে মাইক পম্পি’ আৰু পেল’চিৰ সৈতে জয়শংকৰৰ এই আলোচনা তাৎপর্যপূর্ণ ঘটনা হিচাপে চিহ্ণিত হৈছে ৷ এই আলোচনাৰ পাছতে ছ’চিয়েল মিডিয়া টুইটাৰযোগে জয়শংকৰে ঘোষণা কৰে যে ভাৰত –আমেৰিকাৰ দ্বিপাক্ষিক সম্পর্ক তথা সহযোগিতাই নতুন মাত্রা লাভ কৰিব ৷ সপত্নীক ট্রাম্পৰ ভাৰত ভ্রমণলৈ নতুন দিল্লীয়ে অধিৰ প্রতীক্ষাৰে বাট চাই আছে বুলিও জয়শংকৰে উল্লেখ কৰে ৷

You might also like