নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাউণ্ট এভাৰেষ্ট বগোৱাৰ ক্ষেত্রত নীতি সলাব নেপালে

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ মাউণ্ট এভাৰেষ্ট বগোৱাৰ ক্ষেত্রত পর্বত আৰোহণকাৰীসকলৰ বাবে পূর্বৰ নীতি সলনি কৰিব লাগে বুলি নেপাল চৰকাৰক দাবী জনাই আহিছে বহু পর্বতাৰোহীয়ে ৷ শেহতীয়াকৈ নেপাল চৰকাৰে এভাৰেষ্ট বগাবলৈ গৈ বহু পর্বত আৰোহী নিহত হোৱা ঘটনাৰ পিছত নতুন নীতি বলৱৎ কৰাৰ প্রস্তাৱ আগবঢ়াইছে ৷

উল্লেখনীয় যে এই প্রস্তাৱ অনুসৰি পর্বত আৰোহীসকলে মাউণ্ট এভাৰেষ্ট বগোৱাৰ ক্ষেত্রত পূর্বৰ দৰে সহজতে অনুমতি লাভ নকৰিব ৷ চলিত বর্ষত এভাৰেষ্ট বগাবলৈ গৈ বিভিন্ন দেশৰ ১১গৰাকী পর্বত আৰোহীয়ে প্রাণ হেৰুৱাবলগীয়া হৈছে ৷

এতিয়াৰে পৰা মাউণ্ট এভাৰেষ্ট বগাবলৈ অনুমতি লাভ কৰিবলৈ হ’লে নেপালত ৬,৫০০ মিটাৰ উচ্চতাৰ শৃংগ বগোৱাৰ অভিজ্ঞতা থাকিব লাগিব ৷ এই অভিজ্ঞতা নাথাকিলে দুর্গম হিমালয়ান ৰাষ্ট্রখনত পর্বত আৰোহণৰ অনুমতি দিয়া নহ’ব ৷ অর্থাৎ এভাৰেষ্ট বগোৱাৰ ক্ষেত্রত পর্বত আৰোহণকাৰী সকলৰ বাবে আহি পৰিছে নতুন প্রত্যাহ্বান ৷

You might also like