মাছাছুছেট বৃদ্ধাশ্রমত ক’ভিড–১৯ত প্রাণ হেৰুৱালে ৮২জনে
নিয়মীয়া বাৰ্তা, ১ মেঃ ক’ভিড–১৯ত সর্বাধিক আক্রান্ত আৰু প্রাণ হেৰুওৱা আমেৰিকা যুক্তৰাষ্ট্রৰ মাছাছুছেটৰ এখন বৃদ্ধাশ্রমত ক’ভিড–১৯ত আক্রান্ত হৈ ৮২জনৰো অধিক আৱাসীৰ মৃত্যু ঘটিছে৷ দেশখনৰ স্বাস্থ্য আৰু মানৱ সেৱাৰ কার্যালয়ে প্রকাশ কৰা মতে বৃদ্ধাশ্রমত থকা ৭০জনতকৈ অধিক লোকৰ দেহত ক’ভিড–১৯ চিনাক্ত হোৱাৰ পিছতে মৃত্যুৰ হাৰ বৃদ্ধি পায়৷ হলীয়ক ছলজাৰছ হোমত ২৩০জন বাসিন্দাই মার্চৰ পৰা বসবাস কৰি আহিছে৷ এই সময়ছোৱাতে ক’ভিড–১৯–এ দেশখনত সংহাৰী ৰূপ ধাৰণ কৰে আৰু ইয়াৰ প্রভাৱ বৃদ্ধাশ্রমতো পৰিবলৈ লয়৷ বৃদ্ধাশ্রমত থকা লোকৰ এক তৃতীয়াংশ ৯০ বছৰৰ ঊর্ধ্বৰ হোৱাৰ পৰিপ্রেক্ষিতত ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছতেই মৃত্যু ঘটিছে৷ ২৩০জন আৱাসীৰ ভিতৰত ৮২জনৰ মৃত্যু ঘটাৰ বিপৰীতে ৫৫জনৰ ক’ভিড–১৯ নিগেটিভ হৈছে৷ আনপিনে ৯জনৰ পৰীক্ষাৰ ফলাফল ওলাবলৈ বাকী আছে৷ স্থানীয় সংবাদ মাধ্যমত প্রচাৰ হোৱা মতে বৃদ্ধাশ্রমৰ আৱাসীসকলে ক’ভিড–১৯ক লৈ প্রয়োজনীয় চিকিৎসা লাভ কৰা নাই৷ যাৰ বাবে এই মহামাৰী ভাইৰাছত আক্রান্ত হোৱাৰ পিছত অতি কৰুণভাৱে মৃত্যুক সাবটি ল’বলগীয়া হৈছে ৷