মাছুদ আজহাৰ সন্ধানহীন
নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ পেৰিছত দেওবাৰৰে পৰা আৰম্ভ হৈছে ফাইনেঞ্চিয়েল একচন টাস্ক ফ’চ (এফএটিএফ)ৰ বৈঠক৷ এই বৈঠকৰ সময়তে পাকিস্তানে দাবী কৰিছে যে জইচ–ই–মহম্মদৰ প্রধান তথা দুর্ধর্ষ সন্ত্রাসবাদী মাছুদ আজহাৰ পৰিয়ালসহ সন্ধানহীন৷ এফ এ টি এফে এই বৈঠকতে পাকিস্তানৰ ডছিয়াৰ সন্দর্ভত আলোচনা কৰিব৷ এনে সময়তে পাকিস্তানৰ এই মন্তব্যই ৰহস্যৰ সৃষ্টি কৰিছে৷ দেশখনে এফ এ টি এফক জনায় যে মাছুদ আজহাৰক যিহেতু আমি বিচাৰি পোৱা নাই, সেইবাবে কোনো অভিযোগনামাও দাখিল কৰা হোৱা নাই৷
উল্লেখ্য যে ২০১৮ চনৰ ফেব্রুৱাৰীত সন্ত্রাসবাদীক প্রশ্রয় আৰু সাহায্য দিয়া বুলি এফ এ টি এফে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল আৰু যাৰ পৰিণতিত টাস্ক ফ’র্চে ইছলামাবাদক সকীয়নি প্রদান কৰিছিল৷ প্রণিধানযোগ্য যে ২০১৯ চনৰ ১৪ ফেব্রুৱাৰীত জম্মু–কাশ্মীৰৰ পুলৱামাত আত্মঘাতী বিস্ফোৰণ ঘটাই ৪০জনকৈ চি আৰ পি এফ জোৱানক হত্যা কৰাৰ ঘটনাৰ আঁৰত আছিল জইচ–ই–মহম্মদ৷