মাতৃগর্ভতে ক’ৰোনাত সংক্রমিত ৩ সন্তান
নিয়মীয়া বাৰ্তা, ২৪ জুনঃ মেক্সিকোত একেগৰাকী মাতৃৰ একে সময়তে জন্ম হোৱা তিনিটা সন্তান ক’ৰোনা ভাইৰাছত সংক্রমিত হোৱাৰ লগে লগে স্থানীয় হাস্পতাল এখনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই তিনি নৱজাতকৰ দেহলৈ কেনেদৰে ক’ৰোনাৰ সংক্রমণ ঘটিল, তাক লৈ ইতিমধ্যে চিকিৎসা বিশেষজ্ঞসকলে আৰম্ভ কৰিছে বিশেষ পৰীক্ষা–নিৰীক্ষা৷ অন্তঃসত্ত্বা অৱস্থাতে মাতৃৰ গর্ভাশয়লৈ ক’ৰোনাৰ সংক্রমণ কেনেদৰে সম্ভৱ, সেয়া চিকিৎসা বিজ্ঞানীসকলৰ বাবে কৌতূহলৰ বিষয় হৈ পৰিছে৷ ছান লুইছ প’ট’ছি প্রদেশৰ এখন হাস্পতালত নৱজাতক এটি পুত্র আৰু এটি কন্যা সুস্থিৰ অৱস্থাতে আছে যদিও দ্বিতীয়টো পুত্র সন্তানৰ শ্বাস–প্রশ্বাসজনিত অসুবিধাৰ বাবে চিকিৎসা প্রদান কৰা হৈছে৷ প্রদেশখনৰ স্বাস্থ্য বিভাগৰ এগৰাকী মুখপাত্রই উল্লেখ কৰিছে যে মাতৃগর্ভতে ক’ৰোনাৰ সংক্রমণৰ ঘটনা বিৰল৷