মানৱ দেহত গাহৰিৰ হূদপিণ্ড সংৰোপণ স্থায়ী নহ’ল; অস্ত্রোপচাৰৰ দুমাহ পিছত মৃত্যু ডেভিদ বেনেটৰ
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ চিকিৎসা শাস্ত্রত নজিৰ গঢ়া হৈছিল ৫৭ বছৰীয়া ডেভিদ বেনেটৰ দেহত গাহৰিৰ হূদপিণ্ড সংৰোপণ কৰি যোৱা ৭ জানুৱাৰীত৷ এই অস্ত্রোপচাৰৰ জৰিয়তে আমেৰিকাৰ ইউনিভার্ছিটী অৱ মেৰীলেণ্ড মেডিকেল স্কুলৰ চিকিৎসকে নজিৰ গঢ়িছিল যদিও সেয়া স্থায়ী নহ’ল৷ অস্ত্রোপচাৰৰ দুমাহ পিছত প্রাণ হেৰুৱালে ডেভিদে৷ বিগত কেইবাদিনো ধৰি অসুস্থ হৈ আছিল ডেভিদ৷ লক্ষণীয়ভাৱে হাস্পতালৰ পৰা ডেভিদৰ পৰিয়ালক সমস্ত ক্ষতিপূৰণ আদায় দিয়া হৈছিল৷ আমেৰিকাৰ চিকিৎসা বিজ্ঞানীসকলে অৱশ্যে ভৱিষ্যতে গাহৰিৰ হূদপিণ্ড মানৱ দেহত সংৰোপণ কৰি সমগ্র মানৱ জাতিৰ কল্যাণৰ বাবে নতুন যুগৰ সূচনা কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে৷