নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ ইৰাকৰ ৰাজধানী বাগদাদৰ নিশ্ছিদ্র নিৰাপত্তা বেষ্টনীৰ মাজত থকা গ্রীন জ’নৰ মার্কিন দূতাৱাসৰ সমীপতে তিনিটাকৈ ৰকেট আহি পৰা ঘটনাক লৈ মঙলবাৰে সৃষ্টি হৈছে তীব্র চাঞ্চল্য ৷ নিৰাপত্তা সূত্রই সদৰী কৰা অনুসৰি এই তিনিওটা ৰকেট আক্রমণত কোনো লোক হতাহত হোৱা নাই ৷ আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা উত্তেজনাৰ সময়তে বাগদাদস্থিত মার্কিন দূতাৱাসৰ সন্মুখত এনেদৰে ৰকেট আহি পৰা ঘটনাই দুয়োখন দেশৰ মাজত পুনৰ যুদ্ধৰ আশংকা কঢ়িয়াই আনিব পাৰে বুলি উল্লেখ কৰিছে এগৰাকী জ্যেষ্ঠ নিৰাপত্তা বিষয়াই ৷ উল্লেখনীয় যে ইয়াৰ পূর্বেও ইৰান সমর্থিত অর্ধসামৰিক বাহিনীয়ে অনুৰূপ ৰকেট আক্রমণ চলাইছিল বুলি আমেৰিকাই অভিযোগ কৰিছিল ৷ লক্ষণীয়ভাৱে ইৰান নাইবা কোনো সন্ত্রাসবাদী সংগঠনে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ স্মর্তব্য যে বাগদাদৰ আন্তর্জাতিক বিমানবন্দৰত ইৰানৰ শীর্ষ সেনা বিষয়া কাছেম ছোলেইমানী মার্কিন ড্রোন আক্রমণত নিহত হোৱাৰ পিছৰে পৰা মধ্য প্রাচ্যত ঘনীভূত হৈছে যুদ্ধৰ আশংকা৷ আনকি এই হত্যাৰ প্রতিশোধ হিচাপে ইৰানে ইৰাকস্থিত মার্কিন সেনাঘাটিত চলাইছিল ক্ষেপণাস্ত্র আক্রমণ ৷