নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালদ্বীপৰে ভাৰতৰ ৫০ নিযুত ডলাৰৰ চুক্তি

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ ভাৰত মহাসাগৰীয় ৰাষ্ট্র মালদ্বীপৰ সকলো সময়তে বিশ্বস্ত নিৰাপত্তা সহযোগী হৈ থাকিব নতুন দিল্লী প্রশাসন৷ ভাৰতৰ বিদেশমন্ত্রী এছ জয়শংকৰে এই কথা ঘোষণা কৰিছে৷ কেন্দ্রীয় চৰকাৰে দ্বীপ ৰাষ্ট্রখনৰ সৈতে ৫০ নিযুত মার্কিন ডলাৰৰ প্রতিৰক্ষা লাইন অফ ক্রেডিট (এল’চি) চুক্তিত স্বাক্ষৰ কৰিছে৷ দেশখনৰ প্রতিৰক্ষা ক্ষেত্রৰ আধুনিকীকৰণৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছে ভাৰতে৷

স্মর্তব্য যে কালি ভাৰতৰ বিদেশমন্ত্রী এছ জয়শংকৰে দুদিনীয়া ভ্রমণসূচীৰে মালদ্বীপত উপস্থিত হয়৷ দেশখনৰ প্রতিৰক্ষামন্ত্রী মাৰিয়া ডিডিৰ সৈতে দ্বিপাক্ষিক আলোচনাতো মিলিত হয় জয়শংকৰ৷ শেহতীয়া প্রতিৰক্ষা চুক্তিৰ জৰিয়তে মালদ্বীপৰ উপকূলৰক্ষী বাহিনীৰ সক্ষমতা বৃদ্ধি পাব বুলিও জয়শংকৰে উল্লেখ কৰিছে৷

লক্ষণীয়ভাৱে কালি বিদেশমন্ত্রীগৰাকীয়ে মালদ্বীপক এক লাখ ড’জতকৈও অধিক অতিৰিক্ত ক’ৰোনা প্রতিৰোধী ভেকচিন অর্পণ কৰিছে৷ মালদ্বীপৰ বিদেশমন্ত্রী আব্দুল্লা শ্বহীদ আৰু স্বাস্থ্যমন্ত্রী আহমেদ নছিমে জয়শংকৰৰ হাতৰ পৰা এই ভেকচিন গ্রহণ কৰে৷

You might also like