মালয়েছিয়াৰ প্রধানমন্ত্রী মহাথিৰ মহম্মদৰ পদত্যাগ
নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ মালয়েছিয়াৰ প্রধানমন্ত্রী ৯৪ বছৰীয়া মহাথিৰ মহম্মদে সোমবাৰে পদত্যাগ কৰাৰ লগে লগে দেশখনৰ ৰাজনীতিত সৃষ্টি হৈছে অস্থিৰতা৷ মহাথিৰ মহম্মদৰ এই পদত্যাগে বিভিন্ন মহলক হতচকিত কৰি তুলিছে৷ দেশখনৰ সম্রাটলৈ মহম্মদে প্রেৰণ কৰিছে পদত্যাগ পত্র৷
উল্লেখনীয় যে মহম্মদে উত্তৰসূৰী হিচাপে আনোৱাৰ ইব্রাহিমক দায়িত্ব দিয়াৰ পৰিৱর্তে নতুন এক ৰাজনৈতিক মর্চা গঠন কৰিব পাৰে বুলিও প্রচাৰ চলিছে৷ বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ প্রধানমন্ত্রীগৰাকী ২০১৮ত ক্ষমতালৈ আহিছিল৷ নির্বাচনত তেতিয়াৰ প্রধানমন্ত্রী নজিব ৰাজাকক পৰাভূত কৰি বর্ষীয়ান নেতাগৰাকীয়ে পুনৰ ক্ষমতা দখল কৰাৰ লগে লগে এছিয়াৰ দেশখনত ৰাজনৈতিক অচাৱস্থাৰ অন্ত পৰিছিল৷ লক্ষণীয়ভাৱে মহাথিৰে শেহতীয়াকৈ পদত্যাগ কৰাৰ সবিশেষ তথ্য সদৰী কৰা নাই চৰকাৰে৷