‘মিছ ইউনিভার্ছ’ সংস্থা ক্রয় কৰিলে তৃতীয় লিংগৰ উদ্যোগপতিয়ে
নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ: ২০১২ চনৰ পূর্বলৈকে ‘মিছ ইউনিভার্ছ’ প্রতিযোগিতাত তৃতীয় লিংগৰ লোক বা ‘ৰূপান্তৰকামী’ ব্যক্তিসকলৰ অংশগ্রহণৰ অনুমতি নাছিল৷ এইবাৰ সেই ‘মিছ ইউনিভার্ছ’ সংগঠনটোকেই ক্রয় কৰি ল’লে এগৰাকী তৃতীয় লিংগৰ উদ্যোগপতিয়ে৷ দুই কোটি ডলাৰৰ বিনিময়ত সংগঠনটো ক্রয় কৰিছে থাইলেণ্ডৰ ৰূপান্তৰকামী ব্যক্তি তথা মিডিয়া টাইকুন জাক্কাফং জাক্রাজুতাতিপে৷ ২ কোটি ডলাৰৰ বিনিময়ত সংগঠনটো জাক্কাফঙে ক্রয় কৰাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ ভাৰতীয় মুদ্রাৰ হিচাপত ১৬৫ কোটি ৭২ লাখ ৩৮ হাজাৰ টকা মিছ ইউনিভার্ছ ক্রয়ৰ বাবে খৰচ কৰিছে উদ্যোগপতিগৰাকীয়ে৷
থাইলেণ্ডৰ সংবাদ সংস্থা জেকেএন গ্লোবেল গ্রুপ পিচিএলৰ মুখ্য কার্যবাহী বিষয়া (চিইঅ’) জাক্কাফং৷ পেছাত এগৰাকী আইনজীৱী জাক্কাফং৷ তৃতীয় লিংগৰ লোকসকলৰ হৈ বিভিন্ন সময়ত গোচৰ চলাই আহিছে জাক্কাফঙে৷ যোৱা সপ্তাহত জাক্কাফঙে মিছ ইউনিভার্ছ ক্রয় কৰা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে৷ এতিয়াৰে পৰা এছিয়াত এই প্রতিযোগিতাৰ প্রসাৰ ঘটোৱাটো জাক্কাফঙৰ সংস্থাৰ মূল উদ্দেশ্য হ’ব বুলি ঘোষণা কৰা হৈছে৷