নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ প্রব্রজনকাৰীৰ বিৰুদ্ধে আমেৰিকাই কঠোৰ নীতি গ্রহণ কৰা সত্ত্বেও দেশখনত মেক্সিকো সীমান্ত অতিক্রম কৰি হাজাৰ হাজাৰ লোকে প্রৱেশৰ প্রচেষ্টা চলাই আহিছে ৷ শেহতীয়াকৈ হণ্ডুৰাছৰ পৰা অহা কেইবাহাজাৰো লোকে মেক্সিকোৰ ছুচিয়েট নদীৰ দুর্গম যাত্রা কৰি সীমান্তত উপস্থিত হৈছে ৷ কিন্তু এই লোকসকলক আমেৰিকাই দেশখনত প্রৱেশৰ ক্ষেত্রত বাধা প্রদান কৰিছে ৷ স্মর্তব্য যে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ তীব্র চাপৰ বাবে মেক্সিকো চৰকাৰে আমেৰিকালৈ প্রব্রজনকাৰীৰ সকলো প্রৱেশ পথ বন্ধ কৰি দিছে ৷ পৰিণতিত লেটিন আমেৰিকাৰ কেইবাখনো ৰাষ্ট্রৰ প্রব্রজনকাৰীৰ সন্মুখত সৃষ্টি হৈছে তীব্র প্রত্যাহ্বান ৷