নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ মৰক্কোৰ বিভিন্ন চহৰত থকা কাৰাগাৰবোৰত ক’ৰোনা ভাইৰাছৰ সংক্রমণে সংহাৰ সৃষ্টি কৰিছে ৷ শেহতীয়াকৈ কাৰাগাৰবোৰত গণসংক্রমণ ঘটাৰ আশংকা প্রকাশ কৰিছে মৰক্কো চৰকাৰে ৷ কাৰাগাৰৰ কয়দীসকলৰ পৰীক্ষা চলোৱাৰ পাছত ৩১৩গৰাকী মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে ৷ মধ্য মৰক্কোৰ কুৱার্জাজাটে কাৰাগাৰত সর্বাধিক ৩০৩গৰাকী বন্দী ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ বিপৰীতে মাৰাকেশ চহৰৰ দুখনকৈ কাৰাগাৰত এই ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হৈছে ১০গৰাকী লোক৷ স্মর্তব্য যে মৰক্কোৰ কাৰাগাৰবোৰত ৮০ সহস্রাধিক কয়দী আছে ৷ মহামাৰীৰ আশংকাত প্রায় ৬ হাজাৰ কয়দীক ইতিমধ্যে মুক্তি দিছে চৰকাৰে ৷ মৰক্কোত ৪ সহস্রাধিক লোক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হোৱাৰ উপৰি ১৬৫জনৰ ইতিমধ্যে মৃত্যু হৈছে ৷